হেকাৰে লুটিলে ৰঙিয়াৰ অৱসৰপ্ৰাপ্ত BSNL কৰ্মচাৰীৰ বেংক একাউণ্টৰ পৰা ২৪ লাখ টকা

 06/15/2021 - 15:50

 

ৰঙিয়াঃ ৰঙিয়াৰ জ্যোতি নগৰৰ ৬ নং ওৱাৰ্ডৰ ললিত চন্দ্ৰ চক্ৰৱৰ্তী নামৰ BSNL ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ SBI ৰ একাউণ্টৰ পৰা ২৪ লাখ টকা গায়ব। ললিত চন্দ্ৰ চক্ৰৱৰ্তীয়ে হেকাৰৰ কৱলত পৰি হেৰুৱাব লগা হয় এই ২৪ লাখ টকা।

বেংকৰ OTP ছেয়াৰ কৰিছিল ৪০ বাৰতকৈ বেছি। চক্ৰৱৰ্তীৰ ভাৰতীয় ষ্টেট বেংক (SBI)ৰ একাউণ্ট হেক কৰি দুদিনৰ ভিতৰত হেকাৰে লুটি নিলে প্ৰায় ২৪ লাখ টকা। BSNLৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ললিত কুমাৰ চক্ৰৱৰ্তীয়ে সমস্ত জীৱনৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধনবোৰ দুই পুত্ৰক সংস্থাপন মুকলি কৰি দিবৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত জমা কৰি ৰাখিছিল।

কিন্তু দুটা দিনৰ ভিতৰতে বৃহৎ পৰিমাণৰ টকা হৰলুকী হোৱাত ৰঙিয়াত চাঞ্চল্যই বিৰাজ কৰিছে। অসহায় হৈ পৰিছে ললিত কুমাৰ চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়াল। ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত সাঁচি ৰখা 10958196919 নম্বৰৰ একাউণ্টৰ পৰা ৩১টা লেনদেন (transaction) কৰি লুটি নিলে ২৪ লাখ টকা। বেংকৰ লগত লিংক থকা মোবাইলৰ চিমখনত ফোন কৰি প্ৰায় ৪০টাতকৈও অধিক বাৰ OTP লৈছিল।

ক’ভিডৰ বাবে বেংকৰ কৰ্মচাৰীয়ে ফোন কৰি ব্লক হোৱা একাউণ্টবোৰ খুলি দিয়াৰ চলেৰে OTP বিচাৰিছিল গ্ৰাহকগৰাকীৰ পৰা। সোমবাৰে টকা উলিয়াবলৈ গৈ হতবাক BSNLৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ললিত কুমাৰ চক্ৰৱৰ্তী আৰু তেওঁৰ পত্নী। সমস্ত ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এহাজাৰ দাখিল কৰিছে ভুক্তভোগী লোকজনে। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত SBI ৰঙিয়া শাখাৰ শাখা প্ৰৱন্ধকে ৰাইজক সজাগ হ'বলৈ আহ্বান জনায়।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।