শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াত উপস্থিত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰক্ষ্ম

 06/15/2021 - 16:56

 


জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াত আজি বিয়লি উপস্থিত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰক্ষ্ম৷ মন্ত্ৰী গৰাকীয়ে টুপিয়া এৰি সমাহাৰ কেন্দ্ৰত উপস্থিত হৈ  এৰি-মূগা পামখন বৈজ্ঞানিক সন্মতভাৱে গঢ় দিয়াৰ লগতে পামখনৰ জৰিয়তে অঞ্চলটোৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ইয়াৰ পাচতেই মন্ত্ৰী গৰাকীয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জীয়া ভৰলী নদীৰ পাৰত গঢ়লৈ উঠা কন্যকা কৃষি পামো পৰিদৰ্শন কৰে৷ কৃষি পামখন দেখি অভিভূত হৈ পৰা মন্ত্ৰী গৰাকীয়ে নিজৰ সমষ্টিটো কন্যকাৰ আৰ্হিৰে এখন কৃষি পাম খোলাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।