প্ৰতিশ্ৰুতি অনুসৰি ৰাইজৰ মাজত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

 06/15/2021 - 19:27

 


বজালীঃ নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি বজালী জিলাত অতিমাৰী ক'ভিডত মৃত্যু হোৱা ব্যক্তিৰ ঘৰে ঘৰে গৈ মৃতকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত "পাটাছাৰকুছি সমষ্টিৰ ৰাইজৰ লগত সুখতো থাকিম, দুখতো থাকিম" বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল ৰঞ্জিত কুমাৰ দাসে।

ক'ভিডত মৃত্যু হোৱা সমষ্টিটোৰ কেইবাগৰাকী লোকৰ ঘৰত আজি উপস্থিত হয় মন্ত্ৰীগৰাকী। আনহাতে বজালী জিলাতো বেদখলকাৰীৰ বিৰুদ্ধে ব্যবস্থা ল’ব চৰকাৰে। জিলাখনৰ কাৱৈমাৰী ৰিজাৰ্ভত হৈ থকা বেদখলৰ উচ্ছেদ সন্দৰ্ভত ইতিমধ্যে জিলা উপায়ুক্তৰ জৰিয়তে যাৱতীয় কাম কাজ আগবঢ়াই থকা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী ৰঞ্জিতত কুমাৰ দাসে ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।