ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল,মেলবৰ্ণত মনোনয়ন লাভ ‘ভগা খিৰিকি’-'বুলবুল কেন ছিং’ৰ

 07/20/2019 - 13:05

ডিজিটেল ডেস্কঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে অসমীয়া ছবি। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনয়ন লাভ কৰিছে বিশিষ্ট পৰিচালক জাহ্নু বৰুৱা পৰিচালিত ‘ভগা খিৰিকি’ আৰু ৰিমা দাসৰ "বুলবুল কেন ছিং"য়ে।

ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত ৫টা শাখাত মনোনয়ন লাভ কৰিছে দুয়োখন অসমীয়া ছবিয়ে। আগষ্টৰ ৯ তাৰিখৰ পৰা ১৭ তাৰিখলৈ মেলবৰ্নত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ অসমীয়া চলচ্চিত্ৰ দুখন মনোনয়ন লাভ কৰাত উৎফুল্লিত হৈ পৰিছে অসমীয়া চলচ্চিত্ৰপ্ৰেমীসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।