হোজাইৰ জেবিন কৌছৰক লৈ চুটি ছবি নিৰ্মাণ অক্ষয় কুমাৰৰ

 07/23/2019 - 16:32

হোজাইঃ প্ৰতিবন্ধকতা সাফল্যত হেঙাৰ হ'ব নোৱাৰে৷ সেই কথা প্ৰমান কৰি দেখুৱালে হোজাই জিলাৰ মোৰাঝাৰৰ এগৰাকী শাৰিৰীকভাবে বিশেষ সক্ষম ছাত্ৰীয়ে৷ মোৰাঝাৰ জ্ঞানজ্যোতি একাডেমীৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান হোজাইৰ মৰিয়ম আজমল ৱমেন কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ অধ্যয়নৰত ছাত্ৰী জেবিন কৌচাৰক লৈ বলিউদৰ তাৰকা অক্ষয় কুমাৰে নিৰ্মান কৰি উলিয়াইছে এখন 'চুটি ছবি'৷ ছবি খনৰ 'প্ৰ'মো' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ছাত্ৰী গৰাকীৰ এনে সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে হোজাই জিলাবাসী৷ সৰু কালতেই এক জটিল ৰোগত আক্ৰন্ত হৈ জেবিন কৌচাৰ নামৰ ছাত্ৰী গৰাকীৰ দুয়োখন হাত বিকল হৈ পৰিছিল৷ মনত পঢ়াৰ প্ৰৱল ইচ্ছা থকাৰ পাছতো জেবিনে স্কুলত পঢ়া শুনা কৰাত বিভিন্ন ফালৰ পৰা অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছিল যদিও সেইবোৰকো নেওঁচি পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলৰ অনুপ্ৰেৰণাতেই জেবিনে নিজৰ একান্ত মনেৰে অধ্যয়ন চলাই গৈছিল৷

ভৰিৰে খোৱা-বোৱা, কাম-কাজ কৰা জেবিনে লিখা-মেলাও কৰিছিল ভৰিৰে৷ ভৰিৰে লিখি জেবিনে ২০১৭ বৰ্ষত জ্ঞানজ্যোতি একাডেমি স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল৷ জেবিনে প্ৰতিবন্ধকতাক আওকাণ কৰি ভৰিৰে লিখি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰ সংবাদ মাধ্যমযোগে লাভ কৰিছিল বলিউদৰ তাৰকা অক্ষয় কুমাৰে৷ বলিউদৰ তাৰকা অক্ষয় কুমাৰে লগে লগে জেবিনক মুম্বাইলৈ নিমন্ত্ৰন জনায়৷ অক্ষয় কুমাৰৰ নিমন্ত্ৰন ৰক্ষা কৰি ২০১৭ বৰ্ষৰ শেষৰ ফালে জেবিনে পিতৃ আৰু ককায়েকক লগত লৈ মায়া নগৰী মুম্বাইত গৈ উপস্থিত হৈছিল৷

সম্পূৰ্ণ দুদিন তাৰকাগৰাকীয়ে জেবিনক নিজৰ লগত ৰাখি মায়ানগৰী মুম্বাইৰ বিভিন্ন বস্তু দেখুৱাই সেইবোৰৰ লগত পৰিচয় কৰাই দিছিল৷ জেবিন আৰু পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, অক্ষয় কুমাৰে ইতিমধ্যে জেবিনক লৈ এখন চুটি ছবিও নিৰ্মান কৰি উলিয়াইছে৷ অতিশীঘ্ৰে জেবিনক লৈ অক্ষয় কুমাৰে নিৰ্মান কৰা চুটি ছবিখন ৰাইজৰ মাজলৈ আহিব বুলি জেবিনৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ জেবিন এনেদৰেই আগুৱাই যাওঁক তাৰে কামনা কৰিছে সকলোৱে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।