গানৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকা কৃষক শিল্পীৰ নিৰলস সাধনা

 07/23/2019 - 17:33

সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ১নং টেঙানীৰ মুকুল শইকীয়া। সংগীতৰ প্ৰতি দুৰ্বাৰ হেঁপাহ। কৃষি কৰ্মৰ যোগেদি আৰ্জিত ধনেৰে নিৰ্মাণ কৰি গৈছে বিহু গীত, আধুনিক গীত আৰু টোকাৰী গীতৰ অডিঅ' কেছেট। শেহতীয়াকৈ মুকুলে গাঁঠিৰ ধন ভাঙি 'নামৰ মহিমা’ নামৰ ভক্তিমূলক গীতৰ অডিঅ'টো সোমবাৰে ৰাইজৰ বাবে মুকলি কৰি দিছে।

বৰপথাৰস্থিত গড়কাপ্তানী বিভাগৰ পৰিদর্শন বাংলাত 'নামৰ মহিমা’ নামৰ ভক্তিমূলক গীতৰ অডিঅ'ৰ শুভ উন্মোচনী অনুষ্ঠান সম্পন্ন হয়। উন্মোচন কৰে লাচিত গগৈয়ে। বৰপথাৰৰ টেঙানীৰ অতি ভিতৰুৱা অঞ্চলত ঘৰ মুকুলৰ। শিল্পী মুকুল এজন ভাল খেতিয়ক। চাহ খেতি, আনাৰসৰ খেতি, বেঙেনা, তিতা কেৰেলাৰ খেতি কৰি পোৱা উপার্জনৰ ধনেৰে গীত নিৰ্মাণ কৰি গৈছে মুকুলে। তেওঁ ইতিমধ্যে মইনাৰ সঁজাটি, নীলা চৰাই, স্বজাতি নামৰ গানৰ এলবাম মুকলি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।