পিন্ধা কাপোৰৰ তলত কঢ়িয়াই লৈ ফুৰিব পৰা AC আহিল বজাৰলৈ !

 07/26/2019 - 16:54

ডিজিটেল ডেস্কঃ বিজ্ঞানৰ নতুন চমৎকাৰ। ছনীয়ে মুকলি কৰিলে কাপোৰৰ সৈতে পিন্ধিব পৰা বিশেষ এচি। এই বিশেষ এচিৰ নাম হৈছে এ ৰিঅন পকেট৷ পকেট ছাইজৰ এই ডিভাইছটো সৰু বেগতো ৰাখিব পৰা যাব বা পিঠি আৰু ডিঙিৰ সমীপত পিন্ধি ল’ব পাৰিব। কিন্তু এই এ চি ব্যৱহাৰৰ বাবে এক বিশেষ ধৰণৰ কাপোৰ পিন্ধিব লাগিব যিটো সৰু, মধ্যম আৰু ডাঙৰ আকাৰত উপলব্ধ হ’ব।

কিন্তু এতিয়ালৈকে এই কাপোৰ কেৱল পুৰুষৰ বাবেহে প্ৰস্তুত কৰা হৈছে। ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে ইয়াক লিথিয়াম আয়ন বেটাৰীৰ সহায় চলোৱা হয় যিটো কেৱল দুঘণ্টা চাৰ্জ দিয়াৰ পিছত সমগ্ৰ দিন ব্যৱহাৰ কৰিব পাৰি। ছনী ৰিঅনৰ দাম ৮,৯৯০ টকা। ইয়াক ফিট কৰিবলৈ তলত পিন্ধা কাপোৰৰ দাম প্ৰায় ১২ হাজাৰ টকা। বৰ্তমান, এই ডিভাইছ কেৱল জাপানত উপলব্ধ হৈছে। অতি সোনকালে সমগ্ৰ বিশ্বৰ বজাৰলৈ এই এচি আহিব৷ উল্লেখ্য যে এই শীত–তাপ নিয়ন্ত্ৰিত যন্ত্ৰটো এটা স্মাৰ্টফোনতকৈও সৰু।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।