ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ

 03/29/2019 - 18:06

হৰিশিঙাঃ ওদালগুৰি জিলাৰ ঔৰংগাজুলি চাহ বাগিছাত বন্যহস্তীয়ে এটা পৰিয়ালত তাণ্ডৱ চলাই বহুতো অনিষ্ট সাধন কৰে।

শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২বজাত হস্তীৰ জাকটোৱে বিগবাল ওৰাং নামৰ লোকজনৰ পৰিয়ালটোক কৰা আক্ৰমণৰ পৰা পৰিয়ালটোৱে নিজক বচাবলৈ সক্ষম হয়। জানিব পৰা মতে হস্তীৰ জাকটোৱে ঔৰংগাজুলি চাহ বাগিছাৰ লোকজনৰ খেতিৰ ধান বিনষ্ট কৰে আৰু তেওঁলোকৰ ঘৰটোও ভাঙি বিধ্বস্ত কৰি পেলায়।

ওদালগুৰি জিলাত বন্যহস্তীয়ে পূৰ্বৰে পৰাই এনেদৰে স্থানীয় লোকৰ ওপৰত আক্ৰমণ চলাই সন্ত্ৰাস সৃষ্টি কৰি আহিছে৷ বন্যহস্তীৰ পৰা ৰক্ষা কৰিবলৈ বন বিভাগক অনুৰোধ কৰিছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।