ডিব্ৰুগড়ত আধাৰশিলা স্থাপনৰ পাছতো অসম্পূৰ্ণ পথঃ শীঘ্ৰে নিৰ্মাণৰ দাবী

 03/30/2019 - 14:46

ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া মৌজাৰ মোকালবাৰী চাহ বাগিছা-মাইজান সংযোগী পথটো আধাৰশিলা স্থাপন কৰাৰ কেইবা বছৰৰ পাছতো আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই৷ উল্লেখ্য যে ২০১১-১২ বৰ্ষত ভাৰত চৰকাৰৰ প্ৰাক্তন উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে অসম চৰকাৰৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী পৃথ্বি মাঝিৰ উপস্থিতিত কেন্দ্ৰীয় পুঁজি N.L.C.P.R. আঁচনিৰ অধীনত পথটিৰ পকীকৰণ কামৰ আধাৰশিলা স্থাপন কৰে।

১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটিৰ আৱণ্টিত ধন আছিল ৭৯৫.১০ লাখ টকা আৰু ঠিকাদাৰ আছিল আহমেদ আলি আনচাৰি। ছয় বছৰ চাৰি মাহ পাৰ হৈ যোৱাৰ পাছতো পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠাত ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগে আৱণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে। পথটি পকীকৰণ হৈ নুঠাত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে জ্বলা-কলা খাইছে।

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হৰিকান্ত দুৱৰা আৰু ডিব্ৰুগড় জিলাৰ উপ-সভাপতি দেবু কোঁৱৰে চৰকাৰক তদন্ত কৰি পথটি অতি শীঘ্ৰে নিৰ্মাণৰ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।