পুনৰ উজলিল অসম কন্যা ৰিমা দাস

 08/09/2019 - 14:14

ডিজিটেল ডেস্কঃ পুনৰ উজলিল অসম কন্যা ৰিমা দাস। ‘বুলবুল কেন ছিং’ৰ জৰিয়তে পৰিচালিকা ৰীমা দাসে পুনৰ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব্ মেলব’ৰ্ণ’ত বিশেষ পুৰস্কাৰ লাভ কৰে এই ছবিখনে। লগতে ছবিখনে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব্ মেলব’ৰ্ণত প্ৰদৰ্শিত বুলবুল কেন ছিং ছবিখন উপভোগ কৰি আপ্লুত হৈ পৰে দৰ্শক। প্ৰদৰ্শনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বলীউদৰ তাৰকা তথা ‘কিং খান’ৰূপে পৰিচিত শ্বাহৰুখ খান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।