২০২০ ত অসমত অনুষ্ঠিত হ’ব বলীউডৰ সৰ্ববৃহৎ ‘Award Show’  ‘Filmfare Award’

 08/12/2019 - 13:25

ডিজিটেল ডেস্কঃ ২০২০ চনত বলীউডৰ সৰ্ববৃহৎ ‘Award Show’  ‘Filmfare Award’ অনুষ্ঠিত হ’ব অসমত। ২০২০ চনত বলীউডৰ ৰথী মহাৰথীৰে ভৰিব গুৱাহাটী মহানগৰ। পৰ্যটনৰ অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ‘Filmfare Award’ অসমত অনুষ্ঠিত কৰিব বিচাৰিছে ৰাজ্যৰ পৰ্যটন বিভাগে। অমিতাভ বচ্চনৰ পৰা শ্বাহৰুখ খানলৈকে, কেটৰীণা কাঈফৰ পৰা দিপিকা পাডুকন, শ্ৰদ্ধা কাপুৰলৈকে সকলোৱে ৰঙীণ কৰি তুলিব গুৱাহাটী।

উপস্থিত থাকিব বলীউডৰ নামী-দামী তাৰকাৰ পৰা পৰিচালক-প্ৰযোজকলৈকে। ইতিমধ্যে এই সংক্ৰান্তত ইতিবাচক সঁহাৰি জনাইছে টাইমছ গ্ৰুপে। শনিবাৰে ট’ৰ অপাৰেটৰ সমাৰোহত এই বিষয়ে জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।