শ্বুটিঙত ব্যস্ত অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰী

 08/23/2019 - 18:31

গোলাঘাটঃ জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰাৰ নতুন বোলছবি লখিমীৰ শ্বুটিং চলিছে পূৰ্ণগতিত৷ গোলাঘাটৰ বিভিন্ন স্থানত চিত্ৰগ্ৰহণ চলি থকা ছবিখনত অভিনয় কৰিছে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই৷ জানুৱাৰী মাহৰ পৰা ছবিৰ কাম আৰম্ভ কৰিছে বুলি উল্লেখ কৰে পৰিচালক তথা প্ৰযোজক নুৰুল চুলতানে। মুম্বাইৰ মহেশ চিৰলা প্ৰযোজক আৰু কাৰ্যবাহী প্ৰযোজক অসীম শইকীয়াৰ প্ৰযোজিত ছবিখনৰ সংগীত আচুৰ্য বৰপাত্ৰগোহাঁই আৰু নয়নমণি বৰ্মনৰ৷

ছবিখনত অভিনয়ত দেখা যাব অৰুণ হাজৰিকা, গীতাৰ্থ বৰা, ৰাজীৱ ক্ৰ, পৃথ্বিৰাজ ৰাভা, অৰুণ বৰাৰ লগতে কেইবাখনো চিনাকী মুখ৷ ছবিখনৰ মূল নায়িকা তথা লখিমীৰ মূল চৰিত্ৰত থাকিব আমেৰিকাৰ নিবাসী এগৰাকী অসমীয়া মিছ লভা৷ ছবিখনক লৈ যথেষ্ট আশাবাদী পৰিচালক বিশ্বজিৎ বৰা৷ কেৱল গোলাঘাটতেই নহয় অসমৰ বিভিন্ন প্ৰান্তত ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম চলিব বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে ছবিখনৰ ৮৫ শতাংশ কাম শেষ হৈছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।