নগাঁৱৰ তিনিচুকীয়াত ৰাষ্ট্ৰীয় খেল দিৱস উদযাপন

 08/30/2019 - 19:03

বটদ্ৰৱাঃ নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত নিখিল অসম সমাজ কল্যাণ সমিতিৰ ব্যৱস্থাপনাত বৃহস্পতিবাৰে নগাঁও জিলাৰ তিনিচুকীয়াত দিনজোৰা কাৰ্যসূচীৰে "ৰাষ্ট্ৰীয় খেল দিৱস" উদযাপন কৰা হয়। সেই মৰ্মে আলহাজ হুছেইন আলী একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন খেল-ধেমালিৰ অন্তত এখন বঁটা বিতৰণী আৰু সজাগতা সভা অনুষ্ঠিত হয়। একাডেমীৰ অধ্যক্ষ ৰশিদ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনত নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক বিষয়া ইকবাল বাহাৰ চৌধুৰীয়ে উপস্থিত থাকি কয় যে খেল ধেমালিৰ জৰিয়তে সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি।

এখন সুস্থ সমাজ গঠন আৰু ভাতৃত্ববোধ গঢ়ি তোলাত পূৰ্বৰে পৰাই খেল-ধেমালিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সভাত নেহৰু যুৱ কেন্দ্ৰৰ নগাঁও জিলাৰ সমল ব্যক্তি আবু ছাদিক কবিৰ উপস্থিত থাকি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা 'ফিট ইণ্ডিয়া মুভমেণ্ট'ৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ উপস্থিত ৰাইজক দেখুওৱাৰ লগতে ছাত্ৰ-ছাত্ৰী তথা ৰাইজক খেল ধেমালিৰ বাবে সজাগ হবলৈ আহ্বান জনায়।

সভাখনত একাডেমীৰ অধ্যক্ষ ৰশিদ আহমেদে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি কয় যে মানুহে যদি খেল ধেমালি নকৰে তেন্তে মানুহৰ শৰীৰ স্থিৰ হৈ পৰে আৰু শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়। লগতে অসম গৌৰৱ হিমা দাসৰ জীৱনৰ সফলতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ৰ নগাঁও জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ছাইব আলী, সহকাৰী শিক্ষক শ্বৰিফুল আলমে ভাষণ প্ৰদান কৰা সভাখনিত ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু অভিভাৱক-অভিভাবিকাসহ পাঁচ শতাধিক লোক উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।