ধিঙত গৃহস্থই কৰায়ত্ত কৰিলে কুখ্যাত চোৰক

 05/06/2020 - 13:32

ধিংঅৱশেষত জালত পৰিল চুৰি-ডকাইতি দলৰ মূল নায়ক। ধিঙত নিশা হাতে-লুটে গৃহস্থই কৰায়ত্ত কৰিলে কুখ্যাত চোৰক। ধিঙৰ শলগুৰিৰ টুপত টক হ'ল কুখ্যাত চোৰ হামিদুল ইছলাম। বহুদিন ধৰি ধিঙৰ বৃহত্তৰ অঞ্চলটোত চুৰি আৰু ডকাইতি কাৰ্য চলাই হিছিল এইটো কুখ্যাত চোৰে। লকডাউনৰ সময়ছোৱাত এইটো চোৰৰ চুৰি কাণ্ডৰ পৰা ৰক্ষা পোৱা নাই সাংবাদিকৰ বাসগৃহও। 

যোৱা নিশা স্থানীয় ফৈজুদ্দিনৰ ঘৰৰ ভিতৰৰ পৰা টক কৰে চোৰটোক। স্থানীয় ৰাইজে চোৰটোক ভালদৰে লপা থপা দি গতাই দিয়ে ধিং ৰক্ষীক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।