জুৰীয়াত ড্ৰাগছ সৰবৰাহকাৰী আটক

 05/06/2020 - 15:06

জুৰীয়া: লকডাউন শিথিল কৰি দিয়াৰ সুৰুঙা লৈ জুৰীয়াত পুনৰ মূৰ দাঙি উঠিছে ড্ৰাগছ সৰবৰাহকাৰী সকলে। যোৱা নিশা আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত জব্দ হয় নগদ ধন সহ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি আন এটা ড্ৰাগছ সৰবৰাহকাৰী পলাই সাৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো কাৱৈমাৰীৰ ইমৰান হুছেইন।

আনহাতে পলাই সাৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ ব্যৱসায়ীটো পূৰ্বতেও আৰক্ষীৰ জালত পৰি জেল হাজোতলৈ যাবলগীয়া হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।