নাৰায়নপুৰ আৰক্ষী আৰু সাংবাদিকক গামোচা আৰু মাস্ক বিতৰণ

 05/06/2020 - 15:36

নাৰায়নপুৰ: বৰ্তমান মহামাৰী ক'ৰণা ভাইৰাছৰ প্ৰতিৰোধী লকডাউনত বিজাণুমুক্ত কৰাৰ হেতুকে আজি নাৰায়নপুৰ নগৰ সমিতিৰ কৰ্মীসকলে নাৰায়নপুৰ আৰক্ষী থানাৰ বিষয়ববীয়া সকলৰ লগতে নাৰায়নপুৰ অঞ্চলৰ কেইগৰাকীমান সংবাদ কৰ্মীক সম্বৰ্ধনা জনা। এই উদ্দেশ্যে নাৰায়নপুৰ আৰক্ষী থানাৰ ৩০ গৰাকীক আৰু সাংবাদিক সকলক গামোচা আৰু মাস্ক বিতৰণ কৰে।

ইয়াৰ উপৰি নাৰায়নপুৰ নগৰ সমিতিৰ সদস্য তথা প্ৰাক্তন অধ্যক্ষ হৰিশ চন্দকৰ তত্বাৱধানত, স্থানীয় জোনালী হাজৰিকা আৰু মামণি বৰাৰ সহযোগত নিৰ্মাণ কৰি উলিওৱা ২০০০ (দুহেজাৰ খন) মাস্ক নগৰ সমিতিৰ অন্তৰ্ভুক্ত পৰিয়াল সমূহৰ মাজত বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।