ধুবুৰীৰ বৰুনডাঙা অংগনবাৰী কেন্দ্ৰত চলিছে ব্যাপক দুৰ্নীতি

 05/06/2020 - 15:44

গৌৰীপুৰ: ধুবুৰী জিলাৰ বৰুনডাঙা অংগনবাৰী কেন্দ্ৰৰ কৰ্মী চাহিদা খাতুনৰ বিৰুদ্ধে চলিছে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ। উক্ত অভিযোগ উত্থাপিত কৰিছে দফৰপুৰ গাঁৱৰ কিছুমান ৰাইজে। চাউল আৰু মটৰ কালাই মিহলাই দিয়া হৈছে কণ-কণ শিশু সকলক। তাৰে মাজত এক কেজি মটৰ কালাই আৰু চাউল মিলি সৰ্বমুঠ দিয়া হৈছে ৩ কেজি দুশ গ্ৰাম বস্তু। চাউল সমূহ দিয়া হৈছে আশাৰ বাসগৃত। ৰাইজৰ উত্থাপিত অভিযোগ মতে অংগনবাৰী কৰ্মী গৰাকীয়ে চাউল আৰু ডাইল বহু কম পৰিমাণৰ বিতৰণ কৰিছে। বাকী সামগ্ৰী আত্মাসাৎ কৰা বুলি অভিভাৱকে গুৰুতৰ অভিযোগ তুলিছে কেন্দ্ৰটোৰ কৰ্মী সাহিদা খাতুনৰ বিৰুদ্ধে।

যি সময়ত তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে তাৰ মাজতে এই ভয়াৱহ ছবি দেখা পোৱা গ'ল বৰুনডাঙাত অংগনবাৰী কেন্দ্ৰটোত। এই ক্ষেত্ৰত জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় বিষয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।