শদিয়া সমষ্টিৰ আজুখাত লুৰিনজ্যোতি গগৈয়ে উদ্বোধন কৰিলে ৰাইজে সাজি উলিওৱা ৫০ মিটাৰ দৈৰ্ঘ্যৰ বাহঁৰ দলং

 05/06/2020 - 17:40

কাকপথাৰ: তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াই তিনিটা কাৰ্যকালত দিব নোৱাৰা এখন দলং লকডাউনৰ সময়চোৱাত ৰাইজে সমূহীয়া প্ৰচেষ্টাৰে সাজি উলিয়ালে৷ শদিয়া সমষ্টিৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত আজোখা আৰু সোণাৰী গাঁও সংযোগী ধলা নদীৰ ওপৰত এই দলং খনৰ বাবে ৰাইজে বহুদিনৰ পৰাই বিধায়ক গৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰি আহিছিল৷

কিন্তু কংগ্ৰেছৰ দিনৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰৰ কাৰ্যকালত পুৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ধাৰাবাহিকভাৱে তিনিটা কাৰ্যকালৰ বাবে শদিয়াৰ বিধায়কৰ আসনখন দখল কৰা বলীন চেতিয়াই এই দলংখনৰ বাবে একো নকৰিলে৷ ফলস্বৰূপে ৰাইজে নিৰ্মাণ কৰি উলিওৱা বাহঁৰ দলংখন আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে উদ্ধোধন কৰি প্ৰতিগৰাকী শ্ৰমদাতালৈ কৃতজ্ঞতা জনাই স্থানীয় বিধায়ক গৰাকীক ক্ষুৰধাৰ সমালোচনা কৰে৷ লগতে উক্ত কাৰ্যসূচীত উপস্থিত থাকে আছুৰ কাৰ্যনিৰ্বাহক বিনয় ডুবে, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইসহ জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ব্বীয়াৰ লগতে মটক যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি ধৰনী গোহাঁই৷

সমষ্টিবাসীৰ অভাৱ অভিযোগ সমূহ সামাধানৰ ব্যৱস্থা নোলোৱা বিধায়ক বলীন চেতিয়াক সমষ্টিটোৰ বিধায়ক হোৱাটোৱেই দুৰ্ভাগ্যজনক বুলি লুৰীণজ্যোতি গগৈয়ে কটাক্ষ্য কৰে৷ বাৰিষা বিপদশংকুল ভাৱে মেগেলা উচ্চ মাধ্যমিক বিদ্যালয়লৈ কল গছৰ ভূৰত উঠি পাৰ হ’বলগীয়া হোৱা এই স্থানত আজুখা গাঁৱৰ ৰাইজৰ উদ্যোগত সোণাৰী গাঁৱৰ ৰাইজৰ সহযোগত এখন কাঠ-বাহঁৰ দলং সাজি উলিওৱাত অতি কমেও ১০-১২ খন গাঁৱৰ ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ হ’ল৷ সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মেগেলা সমষ্টিৰ সদস্যগৰাকীয়ে এখন কাঠৰ টুলুঙা নাঁৱৰ ব্যৱস্থা কৰি দিছিল যদিও নিম্নমানৰ কাঠেৰে তৈয়াৰী নাঁওখন মাত্ৰ কেইদিনমানতে নষ্ট হয়৷ লকডাউনৰ সময়চোৱাত ৰাইজে কাঠ-বাঁহৰ লগতে নগদ ধন সংগ্ৰহ কৰি লকডাউনৰ নীতি নিয়ম মানি চলি নাহৰ কাঠৰ খুটা দি ওপৰত বাঁহৰ কামি বৈ এখন মজবুট দলং সাজি উলিয়ালে৷

প্ৰায় এক লাখৰো অধিক মূল্যৰ সা-সামগ্ৰী ব্যৱহাৰ কৰি প্ৰায় ৫০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনেৰে এতিয়া চাইকেল, মটৰচাইকেল নিৰাপদে পাৰ হ’ব পৰাত ৰাইজৰ বাবে বহু দীঘলীয়া বাট তেনেই চমু হৈ পৰিল৷ এই দলংখন এতিয়াও আনুষ্ঠানিকভাবে উদ্বোধন কৰা হোৱা নাই আৰু অতি সোনকালে কোনো প্ৰতিষ্ঠিত অৰাজনৈতিক ব্যক্তিৰ হতুৱাই নুষ্ঠানিকতা সম্পন্ন কৰা হ’ব বুলি আজোখা গাঁৱৰ সামাজিক কামত আগৰণুৱা যুৱক সাগৰ সোনোৱালে জানিবলৈ দিছে৷

উল্লেখ্য যে বিধায়ক বলীন চেতিয়াৰ অকৰ্মণ্যতাৰ বাৱে সমষ্টিটোৰ ডিৰাক সীমান্ত টেঙাপানী সংযোগী ন-দিহিং নদীত বছৰ বছৰ ধৰি এখন দলং নিৰ্মাণ হৈ নুঠিল৷ উপায়ন্তৰ হৈ পৰা দুমাহ পূৰ্বে সীমান্ত টেঙাপানী গাৱঁৰ কৃষক, যুৱক-যুৱতীসকলে ন-দিহিং নদীত কাঠৰ খুটা পুতি ৪৯০ মিটাৰ দৈৰ্ঘ্যৰ জুবিন গাৰ্গ সেতু নামেৰে এখন বাঁহৰ দলং নিৰ্মাণ কৰি উলিয়াইছিল ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।