ঘিলাগুৰি গাওঁ পঞ্চায়তত এহেজাৰ টকীয়া কেলেংকাৰী

 05/07/2020 - 13:14

যোগীঘোপা: উত্তৰ শালমাৰা মহকুমাৰ বইটামাৰী উন্নয়ন খণ্ডৰ আওতাত পৰা ঘিলাগুৰি গাওঁ পঞ্চায়তত ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড নথকা লোকৰ মাজত বিতৰণ কৰিব দিয়া ১০০০/ টকা বিতৰণৰ নামত একাংশই যথেষ্ট খেলিমেলি কৰাৰ অভিযোগ পোৱা গৈছে৷

প্ৰাপ্ত অভিযোগ মতে পঞ্চায়তখনৰ সভানেত্ৰী আৰু সচিবে ৰেচনকাৰ্ড নথকা একাংশ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ৰেচনকাৰ্ড থকা একাংশৰ মাজত দুৰ্নীতি, স্বজন তোষনেৰে এহেজাৰ টকা বিতৰণ কৰিছে৷

ইতিমধ্যে এই কেলংকাৰী সন্দৰ্ভত ৰাইজে পঞ্চায়ত সভানেত্ৰী আৰু সচিবৰ বিৰুদ্ধে অভিযোগ তুলি বঙাইগাঁৰ উপায়ুক্তৰ ওচৰত এক অভিযোগ পত্ৰ দাখিল কৰিছে৷ কিন্তু অদ্যাপি বিষয়টোৰ সম্পৰ্কে জিলা প্ৰশাসনে যোগাত্মক সঁহাৰি জনোৱা নাই বুলিও ৰাইজে সদৰী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।