বৰহাটত কাৰ্ফিউ উলংঘা কৰি একাংশ লোকে অবাধে বাইক-গাড়ীলৈ ঘুৰি ফুৰিছে

 05/07/2020 - 14:39

চৰাইদেউ: সাম্প্ৰতিক ক'ৰণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৪ মে'ৰ পৰা ১৭ মে'লৈকে আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ লকডাউনৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে ৰাইজৰ সুৰক্ষাৰ বাবে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে ।

এই উদ্দেশ্যে চৰাইদেউ জিলা দণ্ডাদীশ তথা উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া স্বাক্ষৰিত এক নিৰ্দেশমৰ্মে চৰাইদেউ জিলাতো লকডাউনৰ সময়ছোৱাত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। তাৰ ভিতৰত চৰাইদেউ জিলা প্ৰশাসনে তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত সন্ধিয়া ৬ বজাৰপৰা ৰাতিপুৱা ৬ বজালৈকে কাৰ্ফিউ ঘোষণা কৰিছে। তেনে স্থলত বৰহাটত লকডাউন তথা কাৰ্ফিউ অমান্য কৰি বৰহাটত কাৰ্ফিউ সময়ছোৱাত একাংশ লোকে চাইকেল, মটৰ চাইকেল, গাড়ীলৈ অবাধে ঘুৰি ফুৰা পৰিলক্ষিত হৈছে।

এতিয়া প্ৰশ্ন হৈছে কাৰ্ফিউ অমান্য কৰি অবাধে ঘুৰি ফুৰা একাংশ লোকক পুলিচ প্ৰশাসনে ব্যৱস্থা লবনে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।