বিপদত দৰঙী কলা-সংস্কৃতি ধ্বজাবাহক সুকনান্নী ওজাসকলৰ: সাহায্য প্ৰদান

 05/07/2020 - 16:13

 মঙলদৈ: ৰাজ্যত অব্যাহত তৃতীয় পৰ্যায়ৰ লকডাউন। লকডাউনৰ সময়চোৱাত ঘৰ চলাবলৈ অসুবিধা হৈছে দৰঙী কলা সংস্কৃতি ধ্বজাবাহক সুকনান্নী ওজা সকলৰ। ঘৰ চলাবলৈ অপাৰগ এই সকল ওজা আৰু ওজাপালিক কিছু সহায়ৰ হাত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসৰ। মঙলদৈৰ ডাহী মহাবিদ্যালয় প্ৰাংগণত প্ৰায় ২ শতাধিক ওজা আৰু ওজাপালিৰ লোকক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে মাস্ক প্ৰদান কৰে লগতে বিধায়ক গৰাকীয়ে আশীৰ্বাদ গ্ৰহণ কৰে।

আনহাতে সাহায্য গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে এইসকললোক।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।