ধেমাজি লালুং তিনিআলিস্থিত বৰধাম ৱাৰ্ডত আজিও হৈ নুঠিল যোগাযোগৰ সু-ব্যৱস্থা

 05/07/2020 - 18:56

ধেমাজি-চিলাপথাৰ: ধেমাজি লালুং তিনিআলিস্থিত শ্ৰীপাণি গাঁওপঞ্চায়তৰ অন্তৰ্গত বৰধাম ৱাৰ্ডত বৰ্তমানো হৈ উঠা নাই যাতায়তৰ সু-ব্যৱস্থা। য'ত পূৰ্বতে BJP নেতৃত্বাধীন চৰকাৰখনে উন্নয়ন আৰু পৰিৰ্বতনৰ শ্ল'গানেৰে আকাশ-পাতাল কপাই তুলিছিল। তাত এতিয়া দেখিবলৈ পোৱা গৈছে এনেখন ছবি য'ত আজি মামৰ আৰু শেলায়ে চানি ধৰিছে উন্নয়ন আৰু বিকাশ।

বৰধামৰ গাঁৱৰ উত্তৰ আৰু দক্ষিণৰ সংযোগী পথৰ মাজত ২০০৭ চনতে নিমাৰ্ণ কাৰ্য আৰম্ভ কৰি চৰকাৰ প্ৰশাসনৰ নিৰ্লিপ্ত নিৰ্বিকাৰ স্বভাৱৰ বাবে আজিও বাৰিষা কালত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু হাজাৰ হাজাৰ পথচাৰীয়ে বাৰিষা কালতো একাঠু এবুকু পানী পাৰ হ'ব লগীয়া পৰিস্থিতি উদ্ভৱ হয়।

তেনেক্ষেত্ৰত আজি পৰ্যন্ত চৰকাৰ-প্ৰশাসনে কোনোধৰণৰ পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।