৩ মেত ঘূৰ্ণিবতাহ ফণীয়ে তাণ্ডৱ চলোৱাৰ সম্ভাৱনা

 05/01/2019 - 18:21

ডিজিটেল ডেক্স: বংগোপ সাগৰৰ উপকূলীয় অঞ্চলত আতংক সৃষ্টিকাৰী সাগৰীয় ঘূৰ্ণিবতাহ ‘ফণী’য়ে ৩ মেৰ ভিতৰত খুন্দা মৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বংগোপ সাগৰৰ উপকূলবৰ্তী অঞ্চলত তীব্ৰ বেগেৰে ওড়িশা, অন্ধ্ৰৰ উপকূল দিশে আগবাঢ়িছে ঘূৰ্ণিবতাহ ফণী।

ইতিমধ্য বতৰ বিজ্ঞান কেন্দ্ৰই উপকূল অঞ্চলৰ লোকসকলক সচেতন হৈ থকাৰ বাবে অনুৰোধ জনাইছে। প্ৰতিঘণ্টাত ফণীয়ে ১৭০-১৮০ কি:মি বেগত উপকূলত খুন্দা মৰাৰ আশংকা। গৃহ মন্ত্ৰালয়ে মাছমৰীয়া সকলক কিছু দিনলৈ সাগৰৰ পাৰলৈ যাবলৈ বাধা প্ৰদান কৰিছে। যিকোনো সময়ত এই ঘূৰ্ণিবতাহে কোবাই নিব পাৰে উপকূল অঞ্চল।

পশ্চিমবংগতো ঘূৰ্ণিবতাহৰ বাবে সৰ্তকতামূলক ব্যৱস্থা গ্ৰহন কৰিছে গৃহ মন্ত্ৰালয়ে। ফণীৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা বতাহৰ প্ৰবল আশংকা কৰা হৈছে। অৱশ্যে অসমত বৰ্তমানেও বতৰ ডাৱৰীয়া হোৱাৰ লগতে কিছু কিছু অঞ্চলত ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।