ৰেড জ'নৰ পৰা অহা সামগ্ৰীৰ ওপৰত কঠোৰ বিধায়ক: অবৈধ ব্যবসায়ীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আৰক্ষী প্ৰশাসনৰ

 05/10/2020 - 13:31

ডিগবৈ: বিশ্বজুৰি ক'ৰণাই ত্ৰাস সৃষ্টি কৰা সময়তেই ডিগবৈত আৰক্ষী প্ৰশাসনৰ নীৰৱতাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে ৰেড জ'নৰ পৰা মাছ, শাক-পাচলি আদি বিক্ৰী কৰি আহিছে দীৰ্ঘদিনীয়া লকডাউনৰ সময়চোৱাত। ইপিনে আৰক্ষী ৰহস্যজনক ভূমিকা বাবে ডিগবৈত চলি আছে গুটখা, চিখৰ, চিগাৰেটৰ কলা বজাৰ চলাই আছে এচাম অসাধু ব্যবসায়ীয়ে।

শনিবাৰে ডিগবৈ বিধায়ক সুৰেন ফুকনে নিজেই অবৈধ ভাৱে বহা বজাৰ সমূহত অভিযান চলাই কঠোৰ হোৱা পৰিলক্ষিত হয়। ৰেড জ'নৰ পৰা অহা শাক-পাচলি, মাছ-মাংস বিক্ৰী নকৰিবলৈ ব্যৱসায়ী সকলক সকিয়াই দিয়ে। বাজাৰ সমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায়।

আৰক্ষী প্ৰশাসনকো অবৈধ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ হবলৈ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।