ডিগবৈৰ পেঙেৰী বনাঞ্চলত বন বিভাগৰ বহু পৰিমাণৰ ফলা কাঠ জব্দ

 05/10/2020 - 13:36

ডিগবৈ: দেশজুৰি চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ সুযোগ লৈ একাংশ বন মাফিয়াই কিছু সংখ্যক বন বিভাগৰ কৰ্মচাৰী আৰু বিষয়াৰ সৈতে মিতিৰালি কৰি বন ধ্বংস কাৰ্যত লিপ্ত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে শনিবাৰে দিনৰ ভাগত তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত, ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পেঙেৰীৰ খাটাং পানী খণ্ড বন বিভাগৰ লোকে বনাঞ্চলৰ ভিতৰৰ পৰা বুজন পৰিমাণৰ ফলা কাঠ জব্দ কৰে।

খাটাংপানী খণ্ড বন কাৰ্যালয়ৰ বিষয়া হেৰম্ব শ‌ইকীয়া আৰু খামন পথাৰ খণ্ড বন বিষয়া ধৰ্মেশ্বৰ হাজৰিকাৰ লগতে দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ সহযোগত এন চি নগাপথাৰৰ ফিলিপ ঘাতত ফলা কাঠখিনি জব্দ কৰে। পাছত উক্ত জব্দকৃত কাঠখিনি খাটাং পানী কাৰ্যালয়লৈ লৈ আনি মজুত ৰখা হয়।

উল্লেখ্য যে, কিছুদিন পুৰ্বেও পেঙেৰীৰ বনাঞ্চলৰ মাজৰ পৰা বন বিভাগে এখন ডিআই গাড়ীসহ ভৰ্তি ফলা কাঠ জব্দ কৰিছিল। প্ৰণিধান যোগ্য যে, দীৰ্ঘদিনৰ পৰা এনেদৰে ডিগবৈ বন সংমণ্ডলৰ অধিনৰ আপাৰ দিহিং বনাঞ্চলত এচাম বনদস্যুয়ে বনাঞ্চলখনৰ মূল্যবান গছ কাটি ধ্বংসযজ্ঞ চলাই থকাৰ পাছতো অসম চৰকাৰৰ বিয়াগোম বন বিভাগটোয়ে কুম্ভকৰ্ণ নিদ্ৰাত সময় অতিবাহিত কৰাত প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে সচেতন মহলৰ চকু কপালত তুলিছে।

এইক্ষেত্ৰত স্থানীয় দল-সংগঠনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিছৰাৰ লগতে এনে দুষ্টচক্ৰৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।