চৰকাৰৰ সকলো ৰঙীন আঁচনিক ধূলিসাৎ কৰি জীয়াই আছে হামিদাৰ পৰিয়ালটো

 05/11/2020 - 14:38

শিৱসাগৰঅন্ন-বস্ত্ৰ-বাসস্থান। যিকোনো এখন আধুনিক দেশৰ নাগৰিকৰ বাবে এক প্ৰাথমিক অধিকাৰ। ভাৰতৰ দৰে উচ্চ উন্নয়শীল দেশত ২০১১ চনৰ লোকপিয়ল অনুসৰি গৃহহীন লোকৰ সংখ্যা ০.৭৭ নিযুত অৰ্থাৎ দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ০.১৫% লোক গৃহহীন। শিৱসাগৰ নগৰৰ জনাকীৰ্ণ অঞ্চলত এক গৃহহীন পৰিয়ালৰ চৰম দুৰৱস্থা। কিমান উপায়ন্তৰ আৰু অসহায় হ'লে এজন পিতৃয়ে নিজ সন্তানক মূৰৰ ওপৰত এখন বৰষুণ নপৰা চালি দিব নোৱাৰে। কিমান দৰিদ্ৰ হ'লে এজন স্বামীয়ে নিজ পত্নীৰ লজ্জা আবুৰ কৰিবলৈ এখন বেৰা দিব নোৱাৰে। আব্দুল আলিৰ দৰে মানুহ দৰিদ্ৰ আৰু অসহায় হ'লে মানুহৰ এই দুৰৱস্থা হয়।

শিৱসাগৰ নগৰৰ জেঙনিকটীয়াৰ গাতে লাগি থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাদ্ৰাছাৰ কাষৰ এটুকুৰা বৰ্জিত মাটি। জাৱৰ, নলা-নৰ্দমা, আনৰ উচ্ছিষ্ট দলিয়াই দিয়া এটুকুৰা আৱৰ্জনাৰে ভৰা মাটি। এই মাটি টুকুৰাৰ ভাড়া সপ্তাহে ৫০ টকা। এই টুকুৰা মাটিত কেইটুকুৰামান বাঁহৰ ওপৰত পেলাই লোৱা পলিথিন আবৃত এটা ঘৰ। ঘৰ মানে জীৱ-জন্তুৰ গড়াল সদৃশ এটা জুপুৰি। 

ইয়াতে কিন্তু তিনিটা সন্তানেৰে ভৰপূৰ এক পৰিয়াল থাকে। থাকে পিতৃ-মাতৃ। মূৰৰ ওপৰত এখিলা টিং নথকা এই ঘৰটোৰ গৰাকী হামিদা বেগম আৰু আব্দুল আলি। দিন হাজিৰা কৰা আব্দুলৰ পত্নী হামিদা বেগম। দুজনী ছোৱালী এটা লৰা। এখন ভৰা সংসাৰ। কিন্তু সংসাৰ সুৰক্ষিত ৰাখিবলৈ এটা উপযুক্ত ঘৰ নাই। এন্দুৰ, নিগনি, ভেকুলী, ফপৰা কুকুৰৰ সৈতে সমানে আৱাস হামিদা-আব্দুলৰ পৰিয়ালৰ।

হাজিৰা কৰি পেট প্ৰৱৰ্তন কৰা হামিদা-আব্দুলৰ বৰ্তমান অৱস্থা আৰু শোচনীয়। লকডাউনৰ বাবে এক হাহাকাৰ পৰিস্থিতি হামিদাহঁতৰ। এমুঠি অন্নৰ বাবে হাবাথুৰি খাব লগা হৈছে।

আব্দুল হামিদাৰ পৰিয়াল এতিয়া চৰম সংকটত। বৰষুণে ধুই নিয়া হামিদাহঁতৰ চৌকাত বহুদিন জুই জ্বলা নাই। ইয়াত বৰষুণৰ দোষ নাই। হামিদা-আব্দুলৰ ৰান্ধনী ঘৰতহে কোনো চালিৰ ব্যৱস্থা নাই। জুহালৰ জুই বৰষুণত নুমাই। বৰষুণ গলে পুনৰ আধাসিজা চাউলে জুহালৰ তাপ পায়। ৰমজান মাহৰ ৰোজা হামিদাৰ পৰিয়ালৰ বাবে বছৰজোৰা। দিনটো ৰোজাৰ পাছত বিলাসী ইফটাৰ তেওঁলোকৰ বাবে এক অলীক কল্পনা। দুটামান ভাত নহয় ঠাণ্ডা পানী হামিদা পৰিয়ালৰ ইফটাৰৰ সামগ্ৰী। ঠাণ্ডা পানী মানে সমুখৰ হোলা। হোলাত উপঙি থকা পুনি আঁতৰাই হামিদা-আব্দুলৰ পৰিয়ালে পিয়াহ আঁতৰা। এইয়া কোনো খেয়ালি মনৰ কাব্যিক বৰ্ণনা নহয়। হয় হামিদা-আব্দুল পৰিয়ালৰ জীয়া আৰু কঠিন বাস্তৱৰ ছবি।

দুখীয়া জনসাধাৰণৰ বাবে জনতাৰ চৰকাৰৰ বহু আঁচনি। ভূমিহীনক মাটি প্ৰদান, গৃহহীনক ঘৰ প্ৰদান, খৰিৰ চৌকাৰ সলনি গেছ প্ৰদান, এটকা মূল্যৰ চাউল প্ৰদান আদি বহু  আঁচনি আছে চৰকাৰৰ। কিন্তু কোনো আঁচনিয়ে এই দুৰ্ভগীয়া পৰিয়ালটোক ঢুকি পোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।