পদপথৰ কুকুৰক খাদ্যৰ যোগান সম্ভু প্ৰসাদ কানুৰ

 05/11/2020 - 15:40

কলাইগাঁওক'ভিড 19 মহামাৰী ভয়াবহতাৰ বাবে খাদ্য সংকত পৰিছে বিভিন্ন পশু পক্ষী। বিশেষকৈ বাটে পথে ঘুৰি ফুৰা কুকুৰবোৰ খাদ্যৰ অভাৱত অসুস্হ হৈ বহু কুকু্ৰৰ মৃত্যু হৈছে। প্ৰভুভক্তৰ এনে কৰুণ মৃত্যুক সহিব নোৱাৰি প্ৰকৃতিপ্ৰেমী সম্ভু প্ৰসাদ কানুয়ে দৈনিক খাদ্যৰ যোগান ধৰিছে পদপথৰ কুকুৰক।

লকডাউনৰ আগতে কানুয়ে কুকুৰ বোৰক এবাৰকৈ খাদ্য দিছিল যদিও লকডাউনৰ পিছৰে পৰা দুবাৰ কৈ খাদ্য দি আহিছে। ইয়াৰ বাবে সম্ভু কানুয়ে বহু লোকৰ প্ৰসংশাৰ লগতে ভঞ্চনাৰো সন্মুখীন হৈছে।

এই কুকুৰবোৰে বহুতৰ হাঁহ ছাগলী খোৱা বুলিও কানুক অভিযোগ কৰিছে। ৰাইজৰ গালি গালাজ শুনিও পশু পক্ষীক ভাল পোৱা সম্ভু প্ৰসাদ কানুয়ে প্ৰতিদিনে কৰি গৈছে খাদ্য বিতৰণৰ কাম।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।