ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ

 05/11/2020 - 17:54

বৰপেটা: "বৰপেটা সত্ৰৰ ইতিহাস" গ্ৰন্থৰ প্ৰণেতা তথা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা বিষ্ণু ৰাভাৰ সংগী গোকুল পাঠক বিলীন পঞ্চভূতত। একাধাৰে সাহিত্যক, প্ৰৱন্ধকাৰ, গল্পকাৰ, নাট্যকাৰ, সুৰকাৰ, সাংবাদিক গোকুল পাঠক যেন এটি নাম নহয় তেওঁ যেন মহাকাব্যহে এই কথাকে প্ৰতিয়মাণ কৰি অজস্ৰ যুঁজৰ যুঁজাৰু গোকুল পাঠক জীৱন যুদ্ধৰ লগত কালি নিশা হাৰ মানিলে। ১৯২৬ চনৰ ১৪ অক্টোবৰত সৰভোগ বৰনগৰৰ সাপনা গাঁৱত জন্মগ্ৰহণ কৰা পাঠক সৰুৰে পৰাই বিপ্লৱী মনৰ অধিকাৰী আছিলে। সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ লগত লগ লাগি সৰভোগৰ ব্ৰিটিছৰ সামৰিক বিমান ঘাটি জ্বলোৱা মানুহজনেই আছিলে গোকুল পাঠক। বিষ্ণু ৰাভাৰ সান্নিধ্য লাভ কৰা পাঠক এসময়ত ব্ৰিটিছৰ মুৰৰ কামোৰনি হৈ পৰে আৰু কাৰাবাস খাটে। দেশ স্বাধীন হোৱাৰ সময়ত স্বাধীনতাৰ বিৰোধীতা কৰি কলা পতাকা উৰুৱাই কৈছিলে এই স্বাধীনতা প্ৰকৃত স্বাধীনতা নহয়।

বৰপেটা জিলাত সাংবাদিকতাৰ জন্মদাতা গোকুল পাঠক। ১৯৬৮ চনত তেওঁ " আমাৰ দেশ" নামৰ এক বাতৰি কাকতৰ প্ৰচলন কৰে। এই কাকতখনৰ লগত তেওঁ ১৯৯০ চনলৈকে জড়িত হৈ পৰে। ইয়াৰ সমান্তৰালভাৱে তেওঁ ৰূপান্তৰ নামৰ আলোচনী এখনৰ সম্পাদনাত ব্ৰতী হয়। নিজৰ জীৱনত বহুকেইখন গ্ৰন্থ ৰচনা কৰা পাঠক দেৱে বৰপেটা সত্ৰৰ ইতিহাস গ্ৰন্থ ৰচনা কৰি সাহিত্য জগতত খলকনিৰ সৃষ্টি কৰে। অসম চৰকাৰৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা তথা শিল্পী পেঞ্চন লাভ কৰা পাঠক বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত নিজ ঘৰতেই শয্যাগত হৈ থাকিবলগীয়া হৈছিলে। অৱশেষত বৰপেটা ডিজিটেল সাংবাদিক সন্থাৰ বাতৰিৰ প্ৰভাৱত বৰপেটা জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে মুখ্যমন্ত্ৰী সোনোৱাল তথা জিলা প্ৰশাসন তৎপৰ হৈ পৰে পাঠকৰ চিকিৎসাৰ বাবে। বৰপেটাৰ এখন ব্যক্তিগত চিকিৎসালয় অংকুৰাম হস্পিটেলত মহীৰূহ গৰাকীৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কিন্তু নিষ্ঠুৰ নিয়তিয়ে যোৱা নিশা ৮.৩০ বজাত এই গৰাকী মহান আত্মাক চিৰকাললৈ অনন্তধামলৈ মাতি নিয়ে। তেখেতৰ মৃত্যু বাতৰি লাভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী সোনোৱালে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্য্যদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে।

সোমবাৰে পুৱা তেখেতৰ নশ্বৰদেহ হস্পিটেল পৰিসৰৰ পৰা উলিয়াই বৰপেটা চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰে। পৰিভ্ৰমণ কালত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই তেঁওৰ নশ্বৰদেহ বৰপেটা প্ৰেছ ক্লাৱ চৌহদত লৈ যোৱা হয়। বৰপেটা প্ৰেছ ক্লাব চৌহদত তেখেতক বৰপেটা জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ শৰ্মা আৰক্ষী অধীক্ষক ৰবিন কুমাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে পাঠকৰ নশ্বৰদেহ বৰপেটা পৌৰসভা খেলপথাৰত ৰখা হয়। ইয়াতেই তেখেতৰ নশ্বৰদেহত বিভিন্ন দল সংগঠনৰ লগতে সৰভোগ সমষ্টিৰ বিধায়ক ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাংবাদিকৰ সতে হোৱা কথা বাৰ্তাত ৰঞ্জিত দাসে পাঠকৰ স্মৃতি সমূহ চিৰযুগমীয়া কৰি ৰখাৰ প্ৰচেষ্টা হাতত ল'ব বুলি জানিবলৈ দিয়ে। পাঠকে ৰচনা কৰা নাটকত তেওঁ নিজেও অভিনয় কৰা বুলি কৈ আবেগিক হৈ পৰে বিধায়ক ৰঞ্জিত দাসে৷ পাঠকৰ জীৱনী "গোকুল পাঠক ৰচনাৱলী"ৰ নৱম খণ্ড তেওঁৰ তত্বাবধানত ছপা কৰি উলিয়াব বুলি জানিবলৈ দিয়ে।  

বৰপেটা পৌৰসভা খেলপথাৰৰ পৰা পোনে পোনে তেওঁৰ নশ্বৰদেহ নিজ গৃহলৈকে লৈ যোৱা হয়। ইয়াৰ পৰাই তেওঁ নিজ হাতে গঢ় দিয়া শংকৰ মাধৱ কনিষ্ঠ মহাবিদ্যালয় খেলপথাৰত লৈ যোৱা হয়। শংকৰ মাধৱ কনিষ্ঠ মহাবিদ্যালয় খেলপথাৰত প্ৰশাসনৰ তৰফৰপৰা সাঁজু কৰা চিতাত তেওঁক উঠোৱাৰ লগে লগেই আৰক্ষীৰ জোৱান সকলে গুলি ফুটুৱাই তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ সমান্তৰালভাৱে এটি যুগৰ অস্তমিত সূৰ্য যেন অস্তমিত হৈ পৰিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।