শিৱসাগৰত শীঘ্ৰে স্থাপন হ'ব ক'ভিড-১৯ৰ পৰীক্ষা শিৱিৰ

 05/11/2020 - 18:54

বকতা: শিৱসাগৰ বকতা নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শীঘ্ৰে স্থাপন হ'ব ক'ভিড-১৯ৰ পৰীক্ষা শিৱিৰ। সম্প্ৰতি পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি বৰ্হি:ৰাজ্যৰ পৰা আহিবলগা ব্যক্তি সকলৰ স্বাস্থ্য পৰীক্ষা এই কেন্দ্ৰতে হ'ব বুলি শিৱসাগৰ জিলাৰ উপায়ুক্ত জানিবলৈ দিয়ে।

এই সৰ্ভন্দত জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু ডিমৌ খণ্ড উন্নয়নৰ দণ্ডাধীশ লগতে গাঁওবুঢ়া সকলৰ লগত এখন বৈথকত মিলিত হয় উপায়ুক্ত মহোদয়ে। লগতে উপায়ুক্ত মহোদয়ে গাঁওবুঢ়া সকলক গাঁৱৰ ব্যক্তিসকলক সতৰ্ক কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পৰীক্ষা অবিহনে ঘৰলে অহা লোক দেখিলে অতি শীঘ্ৰে প্ৰশানক জনাবলৈ নিৰ্দেশ দিয়ে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।