আজি বিশ্ব ধাত্ৰী দিৱস: কাকপথাৰত নাৰ্ছ সকলে বিতৰণ কৰিলে মাস্ক

 05/12/2020 - 17:14

কাকপথাৰ: আজি বিশ্ব ধাত্ৰী দিৱস অৰ্থাৎ নাৰ্ছ দিৱস৷ সমগ্ৰ বিশ্বই বৰ্তমান যুঁজ কৰি আছে মহামাৰী ক’ৰণাৰ সৈতে৷ আৰু এই জীৱন মৰণৰ যুঁজখনত অন্যতম ভূমিকা পালন কৰিছে বিশ্বৰ নাৰ্ছসকলে ৷ বহু নাৰ্ছে নিজৰ সুখৰ সংসাৰখনৰ পৰা আঁতৰত থাকি নিজৰ সন্তানৰ লগতে পৰিয়ালৰ লোকৰ পৰা মাহজুৰি আঁতৰত থাকি নিজ কৰ্মত ব্ৰতী হৈ সেৱা আগবঢ়াইছে৷

ক’ৰণা ৰোগী সকলক সুস্থ কৰিবলৈ দিন-ৰাতি একাকাৰ কৰি নিজৰ দায়িত্ব অব্যাহত ৰাখিছে৷ বহুকেইগৰাকী নাৰ্ছ আক্ৰান্ত হৈছে ক'ভিড ১৯ ত৷ ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হৈছে কেইবাগৰাকী নাৰ্ছৰ ৷ তথাপিও নিজৰ জীৱনকো তুচ্ছ কৰি মাথো কৰি গৈছে নিজৰ কৰ্ম৷ ইয়াৰ মাজতে কাকপথাৰত আজি নাৰ্ছ সকলে পালন কৰিলে বিশ্ব ধাতৃ দিৱস৷ আজিৰ এই দিনটো এটা বিশেষ দিন নাৰ্ছ সকলৰ বাবে৷ কাৰণ ১৮২০ চনৰ আজিৰ দিনটোতে ইটালীত জন্মগ্ৰহণ কৰিছিল আধুনিক নাৰ্ছিং সেৱাৰ জন্মদাত্ৰী ৰূপে জনাজাত ফ্ল'ৰেন্স নাইটিংগেলে। যাক জনা যায় The Mother Of Nurses হিচাপে৷ এটা অভিজাত্য বৃটিছ পৰিয়ালত জন্মগ্ৰহণ কৰা ফ্ল'ৰেন্স নাইটিংগলৰ পিতৃ মাতৃয়ে ইটালী ভ্ৰমণৰ সময়ত জন্ম হৈছিল ফ্লৰেন্স নাইটিংগলৰ৷ সেইবাবে তেওঁ জন্ম লাভ কৰা চহৰখনৰ নাম তেখেতৰ নামত নামাকৰণ কৰা হ’ল৷

ফ্ল'ৰেন্স নাইটিংগল এগৰাকী নিস্বাৰ্থ তথা দৰিদ্ৰ সকলৰ দুখ কষ্ট সহিব নোৱাৰা এগৰাকী সমাজসেৱিকা হোৱাৰ পৰি এগৰাকী সু-লেখিকা আছিল৷ বহুটো ঘাট প্ৰতিঘাতৰ মাজত নিজৰ পৰিয়ালক বিৰোধ কৰি তেওঁ বাছি লৈছিল ধাত্ৰী সেৱাৰ দৰে পথ৷ বৃটিছ চৰকাৰৰ তৰফৰ পৰা বহু কেইটা সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছিল৷ সমগ্ৰ বিশ্বত ১২ মে’ অৰ্থাৎ ফ্ল'ৰেন্স নাইটিংগেলৰ আজিৰ এই জন্মদিনটোক এটা বিশেষ দিন আন্তজাৰ্তিক ধাত্ৰী দিৱস নাইবা নাৰ্ছ দিৱস হিচাপে পালন কৰে বিশ্বৰ নাৰ্ছ সকলে৷

কাকপথাৰটো আজি কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছসকলে পালন কৰিলে নাৰ্ছ দিৱস৷ পুৱা স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ সকলে ফ্ল'ৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি তেখেতক স্মৰণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে ৷ ইয়াৰ পাছতে অঞ্চলটোৰ ভিন্ন স্থানৰ লগতে কাকপথাৰ চেন্ট্ৰেল বেংকৰ সমীপত সুৰক্ষা মাস্ক পৰিধান নকৰাকৈ শাৰী পাতি থকা বেংকৰ গ্ৰাহক সকলক মাস্ক বিতৰণ কৰে ৷

নাৰ্ছ সকলে উক্ত বেংকটোৰ প্ৰবন্ধকৰ পৰি বেংকৰ অন্য কৰ্মচাৰী সকলকো মাস্ক বিতৰণ কৰে ৷ লকডাউনৰ মাজত মহামাৰী ক’ৰণাৰ সৈতে অব্যাহত ৰখা যুঁজখনৰ পৰি সকলো ৰোগতে চিকিৎসকৰ পাছতে মূখ্য ভূমিকা পালন কৰা নাৰ্ছসকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় কাকপথাৰ সাংবাদিক সন্থাই ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।