তলাবন্ধৰ নিৰ্দেশনাক চৰম ভেঙুচালি বিশ্বনাথবাসীৰ

 05/12/2020 - 17:58

বিশ্বনাথযিটো সময়ত দেশত দ্ৰুতহাৰত বৃদ্ধি পাইছে ক'ৰণা সংক্ৰমিত লোকৰ সংখ্যা, দৈনিক মৃত্যু মূখত পৰিছে হাজাৰ হাজাৰ লোক তেনে সময়তে দেশ তথা ৰাজ্যৰ কঠোৰ নিৰ্দেশনা তলাবন্ধৰ দৰে নিৰ্দেশনাকো চৰম ভেঙুচালি বিশ্বনাথবাসীৰ৷ প্ৰসাশনৰ নিয়ম-নিৰ্দেশনাক অমান্য কৰি ওলাই আহিল হাজাৰ হাজাৰ লোক৷ যান-বাহনৰে ভৰি পৰিল বিশ্বনাথ চহৰৰ ৰাজপথ ৷ নাই কোনো সামাজিক ব্যৱধান, নাই কোনো প্ৰশাসনৰ ভ্ৰূক্ষেপ৷ যেন সকলো স্বাভাৱিক অৱস্থাত আছে ৷

আজিৰ এনে দৃশ্যৰ বাবে সংকিত হৈ পৰা পৰিলক্ষিত হৈছে বিশ্বনাথৰ সচেতন মহল ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।