চিৰাঙৰ বিজনী চৰহৰত লকডাউন উলংঘা: পাঁচ বছৰৰ তলৰ শিশুক লগতলৈ কেবাগৰাকীও মাতৃ

 05/13/2020 - 13:58

বিজনী: দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে চিৰাং জিলাৰ বিজনী বজাৰত দেখা গ'ল গ্ৰাহক অথৱা ৰাইজৰ যঠেষ্ট ভিৰ। বিজনী দোকানত সমূহৰ লগতে বিজনী SBI বেংক নাই সামাজিক ব্যৱধান নীতি ভংগ কৰাৰ লগতে উলংঘা কৰা হ'ল লকডাউন। চৰকাৰে গ্ৰীণ জ'ন সমূহত কিছু শিথিলতা আনি এক তৃতীয়াংশ দোকান খোলাৰ অনুমতি প্ৰদান কৰিছিল যদিও ইয়াৰে সুযোগ গ্ৰহণ কৰি একাংশ জনতাই অযথা পাঁচ বছৰৰ তলৰ শিশুক লৈ মুখত মাস্ক নলগোৱাকৈ বজাৰত ঘুৰি ফুৰা পৰিলক্ষিত হয় বিজনী চহৰত।

দেশৰ লগতে ৰাজ্যত ক'ৰণা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ পিছতো এইসকল ৰাইজৰ নাই কোনো সাৱধানতা নাই কোনো শংকা। আৰক্ষী প্ৰশাসন এই ক্ষেত্রত নিৰৱ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।