মৌ পালন কৰি স্বাৱলম্বিতাৰ পথ দেখুৱাইছে মনোৰঞ্জন নাথে

 05/13/2020 - 17:35

জামুগুৰিহাট: তৃতীয় পৰ্যা লকডাউনৰ সময়চোৱাত বিশেষ চৰ্চা লাভ কৰিছে শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অন্তৰ্গত হাটিঙা নিবাসী মনোৰঞ্জন নাথ। কাৰণ বৰ্তমান সময়ত বহি:ৰাজ্যলৈ নগৈ নিজ গৃহতে মনোৰঞ্জনে নিজেই কাঠেৰে তৈয়াৰ কৰি প্ৰায় ৪ টা বাকছত মৌ পালন কৰি স্বাৱলম্বিতাৰ পথ হিচাপে দেখুৱাবলৈ সক্ষম হৈছে।

২০১৯ চনৰ পৰা মৌ পালনৰ কাম আৰম্ভ কৰি বৰ্তমান মাহত অতি কমেও ১০ হাজাৰ টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ য'তে মৌ বাঁহ দেখে লগে লগেই সেই স্থানৰ পৰা নিজেই সাৱধানতা অবলম্বন কৰি মৌসমূহ ধৰি আনি নিজেই তৈয়াৰ কৰা কাঠৰ বাকছত ভৰাই দিয়ে।

লগতে তেওঁ কয় যে মোৰ এই মৌ বৰ্তমান গহপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰৰ লগতে জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।