শাক-পাচলি বিক্ৰী কৰি জীৱিকা অৰ্জন কৰা ডিব্ৰুগড়ৰ জানমণিলৈ তাঁতশাল প্ৰদান জিলা প্ৰশাসনৰ

 05/13/2020 - 19:07

ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি জিলাখনৰ জামিৰা সাপেখাটী ঘগৰা গাঁৱৰ জানমণি গগৈক এখনি তাঁতশাল প্ৰদান কৰা হয়৷ উল্লেখ্য যে অসমৰ একাংশ সংবাদ মাধ্যমত পিতৃৰ অসুস্থতাৰ বাবে ডিব্ৰুগড়ৰ এক অতি দৰিদ্ৰ পৰিয়ালৰ ছোৱালী জানমণি গগৈয়ে শাক-পাচলি বিক্ৰী কৰি জীৱিকা অৰ্জন কৰাৰ তথ্য প্ৰকাশ হোৱাৰ পিছতে আজি ডিব্ৰুগড় জিলা প্ৰশাসনে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহযোগত জানমণি গগৈক তাঁতশাল এখন প্ৰদান কৰে৷

আজি ডিব্ৰুগড়ৰ নিবাৰ্চনী বিষয়া ৰুণাভ ৰামচিয়াৰী আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক গুঞ্জন কলিতাই জানমণিৰ ঘৰত উপস্থিত হৈ প্ৰায় বিশহাজাৰ টকা মূল্যৰ উন্নত মানৰ তাঁতশালখন ফ্ৰেম আৰু অন্যান্য সা-সঁজুলিসহ জানমণিৰ পৰিয়ালক হস্তান্তৰ কৰে৷ উল্লেখ্য যে এই পৰিয়ালটোৰ অভাৱগ্ৰস্ততাৰ বিষয়ে একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশমৰ্মে নিবাৰ্চনী বিষয়া ৰুণাভ ৰামচিয়াৰীয়ে জিলা প্ৰশাসনৰ হৈ পৰিয়ালটোৰ প্ৰয়োজন সন্দৰ্ভত বুজ লোৱাৰ বাবে সাক্ষাৎ কৰিছিল৷

সেই সময়ত তেওঁলোকে জীৱিকা আৰ্জনৰ বাবে কৃষি, মীন বা হস্ততাঁত বিভাগৰ পৰা কোনো সুবিধা লাভ কৰিলে তেওঁলোকৰ বাবে সহায়ক হ’ব বুলি উল্লেখ কৰাত আজি প্ৰশাসনৰ তৰফৰ পৰা পৰিয়ালটোক তাঁতশালখন যোগান ধৰা হয়৷  উল্লেখ্য যে জানমণি গগৈৰ মাতৃয়ে পূবৰ্তে বোৱা-কটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু বৰ্তমানেও তেওঁ মাজে সময়ে কাপোৰ বৈ দুপইচা অৰ্জন কৰি আছে বুলি আজি জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।