গড়াখহনীয়াই বিছিন্ন কৰা এটা বৃহৎ অঞ্চল কৰৰ্দৈগুৰি

 05/14/2020 - 13:23

তিনিচুকীয়া: বাৰিষা যেতিয়া হে তেতিয়া বাৰিষাত বানৰ তাণ্ডৱৰ বাবে শংকিত হৈ পেটলৈ ভাত মুঠি নোযোৱাৰ অৱস্থা হৈ পৰে নৈ-দাতিকাষৰীয়া ডুমডুমা বৃহত্তৰ কৰৰ্দৈগুৰি অঞ্চলত। অঞ্চলটোৰ ইতিমধ্যে ৰঙাজান, চুমৈজান, বাদলপথাৰ, কাইটীয়া, লংপিট, ১নং আৰু ২নং তামুলী আদিকে ধৰি প্ৰায় কুৰিখনৰো গাঁও ইতিমধ্যে বাৰিষাৰ বান আৰু প্ৰৱল গঢ়াখহনীয়াই সম্পূৰ্ণভাৱে উচন কৰিলে আৰু বৰ্তমানেও ওৰাং গাঁও, দৰ্জিজান গাঁও, ঐতিহাসিক শিমলুগুৰি সত্ৰ, বৰগড়া, ১নং কৰদৈগুৰি, কেৰাণী আৰু ৩নং কৰদৈগুৰি বান খহনীয়াৰ কৱলত, ইয়াৰে ভিতৰত ৩নং কৰদৈগুৰি গাঁওখনৰ শতকৰা ৮০ৰ শতাংশই নদীৰ বুকুত

উল্লেখযোগ্য যে প্ৰত্যেক বছৰে বানৰ তাণ্ডৱৰ সময়ত সংবাদ মাধ্যমত সঘনাই উচ্চাৰিত হৈ থকা এই অঞ্চলটোৰ প্ৰতি ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।