
ডিব্ৰুগড়ঃ দেশজুৰি লকডাউন চলি থকাৰ ফলত অসমৰ বহু যুৱক কৰ্মসূত্ৰে বহিঃৰাজ্যত আবদ্ধ হৈ পৰাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ ৰে'ল মন্ত্ৰালয়ে আৰম্ভ কৰা বিশেষ ৰে'ল সেৱাৰ জৰিয়তে দিল্লীৰ পৰা ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'ল ষ্টেচনত কাইলৈ পুৱাই উপস্থিত হবহি। উল্লেখ্য যে প্ৰথমতে লোকসকলক বানীপুৰ ৰে'ল ষ্টেচনত স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰ ভিতৰত নিগেটিভ পোৱা সকলক হোম কোৱাৰেণ্টাইনত ৰাখিব, পজেটিভ পোৱা সকলক ১৫ দিনৰ বাবে ডিব্ৰুগড়ৰ প্ৰশাসনে ঠিক কৰা কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হব।
ডিব্ৰুগড়ৰ বানীপুৰ ৰে'ল ষ্টেচনত এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। বাণীপুৰ ৰে'ল ষ্টেচনত ৰে'লখন উপস্থিত হোৱাৰ পিছত জিলাৰ উপায়ুক্তই ৰাজ্যখনৰ অন্য জিলাৰ বাবে জিলা অনুযায়ী আৰু ডিব্ৰুগড় জিলাৰ বাবে ৰাজহ চক্ৰ অনুযায়ী স্বাস্থ্য পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰে'ল কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে৷ লগতে প্ৰতিটো স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত পৰ্যাপ্ত সংখ্যক স্ক্ৰীনিঙ টীম নিয়োগ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ঠিক একেদৰে ৰে'লযোগে অহা কোনো যাত্ৰীয়ে যাতে স্বাস্থ্য পৰীক্ষা নকৰাকৈ ষ্টেচনৰ পৰা বাহিৰলৈ যাব নোৱাৰে তাৰ বাবে ষ্টেচনৰ চৌদিশে বেৰিকেডৰ কটকটীয়া ব্যৱস্থা কৰা হৈছে। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচনলৈ হ'বলগীয়া ৰেলৰ আগমনৰ পৰিপ্ৰেক্ষিতত আৰু বাণীপুৰ ৰে'ল ষ্টেচনৰ ভিতৰত আৰু চৌদিশে ক'ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে জৰুৰীভাৱে কেতবোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ অতিৰিক্ত দণ্ডাধীশ ৰঞ্জিত কোঁৱৰে ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ নং ধাৰাৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগৰে আজি এক নিৰ্দেশযোগে বাণীপুৰ ৰে'ল ষ্টেচনৰ ২০০ মিটাৰ জোৰা এলেকাত চৰকাৰী দায়িত্বত নিয়োজিত হৈ থকা লোকৰ বাহিৰে প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
তৎকালীনভাৱে বলবৎ হোৱা এই নিষেধাজ্ঞা উলংঘা কৰা ব্যক্তিৰ ওপৰত ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰাৰ অধীনত আইনমতে দণ্ডনীয় হ'ব বুলি জানিবলৈ দিয়ে।