বিজনীত ড্ৰাগছ জব্দ

 05/14/2020 - 16:28

বিজনী : সমগ্ৰ দেশজুৰি ক'ৰণাৰ আতংক, আনফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আহ্বান জনোৱা তৃতীয় পৰ্যায়ৰ লকডাউন। দেশৰ লগতে ৰাজ্যৰ এনে সংকটৰ সময়তো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই গৈছে ড্ৰাগছ সৰবৰাহৰ লগতে ড্ৰাগছৰ ব্যৱসায়। আজি চিৰাং জিলাৰ বিজনী চহৰস্থিত বিজনী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সন্মুখত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ড্ৰাগছ সমূহ।

বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে দুটা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ছয়টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ এটা ম'বাইল আৰু এখন ই-ৰিক্সা জব্দ কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰী দুটাৰ নাম আকবৰ আলী(28) আৰু নুৰুল হক। সৰবৰাহকাৰী দুটাৰ ঘৰ বিজনীৰ কাৱাটিকাত।

জব্দকৃত ড্ৰাগছখিনিৰ পৰিমাণ ৮৩০ মিলিগ্ৰাম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।