লকডাউনৰ মাজতে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড

 05/14/2020 - 17:10

নগৰবেৰা: দীঘলীয়া লকডাউনৰ মাজতে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ নিচা জাতীয় দ্ৰব্য সেৱন কৰাই লুটিলে নগদ ধন. লেপটপ আৰু মোৱাইল হেণ্ডচেট৷ এই ঘটনা কামৰূপ জিলাৰ বকো সমষ্টিৰ মন্দিৰা গাঁত ৷ গাঁওখনৰ ছামাদ আলীৰ ঘৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷ মঙ্গলবাৰে নিশা মন্দিৰা এন চি গাঁৰ ছামাদ আলীৰ ঘৰত পাঁচজনীয়া এটা ডকাইতিৰ দলে ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে ঘৰৰ ভিতৰত৷

ইয়াৰ পিছত টোপনি অৱস্থাত থকা পৰিয়ালটোৰ প্ৰতিজন সদস্যকে অতি কৌশলৰে ডকাইতৰ দলটোৱে নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰি আৰম্ভ কৰে লুটপাত ৷ টেবুলৰ তলা ভাঙি দলটোৱে নগদ আঢ়ৈ লাখ টকা, লেপটপৰ লগতে লুটিলে দুটা ম'ৱাইল হেণ্ডচেট৷ ডকাইতৰ দলটোৱে পৰিয়ালটোৰ লোকক নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰি ডকাইতি কৰাত এই ঘটনাত পৰিয়ালটোৰ পুৰুষ মহিলাসহ ৪ জন লোক গুৰুতৰভাবে আহত৷ আহত লোককেইজন গিয়াছ আলী, ছামাদ আলী, ফৰিদা খাতুন আৰু জয়ন্তী খাতুন৷

সম্প্ৰতি আহত লোককেইজন হেকৰা ৰাজ্যিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে৷ ঘটনাস্থলীত মন্দিৰা আৰাক্ষীয়ে উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে আৰম্ভ কৰিছে তদন্ত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।