ডেৰ মাহে খুলিব পৰা নাই চেলুনঃ তীব্ৰ আৰ্থিক সংকটত নাপিত

 05/15/2020 - 13:56

পূব বৰপেটা: ধাৰাবাহিকভাৱে ঘোষণা কৰা লকডাউনৰ ফলত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ দৈনিক উপাৰ্জনকাৰী সকলৰ আলাই-আথানি হোৱাৰ সমান্তৰালকৈ ৰাজ্যৰ নাপিত সকলৰ জীৱনলৈ আহিছে তীব্ৰ ভাবুকি। লকডাউনৰ বাবে ডেৰ মাহৰো অধিক সময় বন্ধ হৈ আছে চেলুন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৰপেটা জিলাৰ খংৰা, বৰভিঠা, বহৰি, চেনিমাৰী, চেঙা আদি অঞ্চলৰ অৰ্ধশতাধিক নাপিতৰ জীৱন জীৱিকালৈ আহি পৰিছে তীব্ৰ ভাবুকি। এয়া বৰপেটা জিলাৰ খংৰাৰ দৃশ্য। আৰ্থিক সংকটত ভোগা অৰ্ধশতাধিক নাপিতে এইদৰে ৰাজপথলৈ ওলাই আহিছে চৰকাৰৰ ওচৰত সহায় বিচাৰি। দৈনিক চুলিকটা কাম কৰি পৰিয়ালক কোনোমতে পোহপাল দি অহা এইসকল নাপিতে লকডাউনৰ সময়চোৱাত ঘৰতে থাকিবলগীয়া হোৱাত তীব্ৰ আৰ্থিক সংকটত ভুগিছে।

তীব্ৰ আৰ্থিক সংকটত ভোগা এইসকল নাপিতক আৰ্থিক সকাহ দিবলৈ চৰকাৰলৈ দাবী জনাইছে অঞ্চলটোৰ সচেতন লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।