তিনিচুকীয়াৰ পৰা বহি:ৰাজ্যলৈ যাবলগীয়া ৰে'ল ডিকমত আবদ্ধ

 05/16/2020 - 13:18

ডিব্ৰুগড়ঃ চাৰি ঘন্টা যোৰা এক শ্বাসৰুদ্ধ ঘটনা। এই ঘটনা ডিব্ৰুগড় জিলাৰ ডিকমত। সমগ্ৰ দেশৰ লগতে ৰাজ্যখনত লকডাউনৰ চলি থকা সময়তে ডিব্ৰুগড়ৰ ডিকম ৰে'ল ষ্টেচনৰ সমীপত তিনিচুকীয়াৰ পৰা বহি:ৰাজ্যলৈ যাবলগীয়া তেলবাহী ট্ৰেইনখন ডিকম ৰে'ল ষ্টেচনৰ সমীপত যোৱা এঘন্টাকৈ অধিক সময় আবদ্ধ হৈ আছে। ৰে'লৰ হোম Signal লাইটৰ এটা পোষ্ট খুঁটাৰ ওপৰত উঠি এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিয়ে ট্ৰেইনত জাপ দিবলৈ উঠি থকাত ট্ৰেইনখন ৰৈ যাবলগীয়া হয়। 

ততালিকে লাহোৱাল, চাবুৱা আৰু ডিকম আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ এটা বৃহৎ দল উপস্থিত হৈ ব্যক্তিজনক পোষ্ট খুঁটাতোৰ পৰা নমাবলৈ বাৰম্বাৰ চেষ্টা চলাই আছিল যদিও চাৰি ঘন্টা সময়লৈকে সক্ষম হব পৰা নাই যদিও প্ৰচেষ্টা অব্যাহত ৰাখিছে।

সন্ধিয়া পাঁচ বজাৰ পৰা নিশা ৯.৩০ বজাৰ লৈকে এক শ্বাসৰুদ্ধ কাহিনী চিনেমাৰ দৰে ডিকমবাসীয়ে উপভোগ কৰিলে। অৱশেষত ডিব্ৰুগড় এচ ডি আৰ এফে তিনি জন ওপৰলৈ গৈ ব্যক্তি জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগে লগে ব্যক্তি জনক ডিকম আৰক্ষী চকীত চমজাই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।