ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে সৰৱ জনসাধাৰণ

 05/16/2020 - 17:47

ৰঙিয়া: ৰঙিয়া মহকুমাৰ প্ৰায়বোৰ ঠাইৰ লগতে ৰঙিয়া নগৰৰ কেইবা ঠাইত অব্যহত আছে ড্ৰাগছৰ মুকলি বেহা। যাৰফলত বহু কম বয়সৰ যুৱক ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰাত সমস্যাত পৰিছে অভিভাবক সকল। এই ক্ষেত্ৰত আৰক্ষী যিধৰণে অভিযান চলাব লাগিছিল যদিও তেনেদৰে অভিযান নচলোৱাত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ মুকলি বেহা। উপায়ন্তৰ হৈ ৰঙিয়াৰ ২৪ টা সামাজিক সংগঠনৰ দ্বাৰা স্বাক্ষৰ কৰা এক স্মাৰক পত্ৰ ৰঙিয়াৰ মহকুমাধিপতিক প্ৰদান কৰে।

লকডাউনৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰে যুৱ সমাজকৰ্মী নিপন ভূঞা আৰু কৰেন্দ্ৰ কলিতাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।