কামপুৰত অবাধ গতিত চলিছে বন ধংস যজ্ঞ: কামপুৰৰ বনবিষয়া বিনোদ বিহাৰী সিঙৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

 05/18/2020 - 12:40

কামপুৰ: এফালে লকডাউন, আনফালে লকডাউনৰ সুযোগ লৈ ৰাজ্যত আৰম্ভ হৈছে ব্যাপক ব ধংস যজ্ঞ। এইক্ষেত্ৰত নগাঁও জিলাৰৰ কামপুৰৰ বন আঞ্চলিক বিষয়া বিনোদ বিহাৰী সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে। উল্লেখ্য যে বৰ্তমানেও অব্যাহত আছে লুটুমাৰী ফৰেষ্ট ৰিৰ্জাভৰ অন্তৰ্গত লংজাপ পাহাৰ পূৰ্বৰে পৰা একেদৰেই চলি আছে ধংস যজ্ঞ। তাৰোপৰি কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন ঠাইত ব্যাপক হাৰত চলি আছে অবৈধ বালিৰ ব্যৱসায়।

যিবোৰ দেখিও নেদেখাৰ ভাওঁ ধৰি আহিছে বন বিষয়া বিনোদ বিহাৰী সিঙে। যাৰ বাবে অভিযোগৰ আঙুলি ঊঠিছে বন বিষয়াজনৰ বিৰুদ্ধে। জানিব পৰা মতে বহু সময়ত এইজন বন বিষয়াৰ বিৰুদ্ধে বিভিন্নজনে বন মন্ত্রীকে ধৰি উচ্চ পদস্থ বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰি আহিছে যদিও বনবিষয়া জনৰ চকী সুৰক্ষিত হৈ আহিছে।

অভিযোগ মতে সংবাদ মাধ্যমত সঘনাই বন বিষয়াৰ বিৰুদ্ধে প্ৰচাৰ হৈ অহাৰ লগতে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বদলি নিৰ্দেশ আহিছিল যদিও বনবিভাগৰ আৰ্শীবাদ পুষ্ট বন বিষয়াজন বৰ্তমানেও চকী সুৰক্ষিত হৈ আছে। যাৰ বাবে বন বিষয়া জনে এতিয়া অভিযোগকাৰী সকলৰ বিৰুদ্ধে থানাত গোচৰ দিয়াৰ লগতে বিভিন্ন কৌশলৰে দমন নীতি চলোৱা বুলি জানিব দিছে।

ৰাইজে কামপুৰৰ বন আঞ্চলিক বিষয়াজনৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা লবৰ বাবে দাবী জনাইছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।