ঘগ্ৰাপাৰৰ--দিহজাৰীত ৪০ দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ গ্ৰাম্য বিকাশ মঞ্চৰ

 05/18/2020 - 18:03

বাহাৰঘাট: সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক'ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশ তথা ৰাজ্যত তলাবন্ধ (লক ডাউনৰ) ফলত ঘৰতে দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থাকিব লগীয়া হৈছে গ্ৰাম্যাঞ্চলৰ শ্ৰমজীৱী পৰিয়াল। ইতিমধ্যে এই লোক সকলক কিছু খাদ্য সামগ্ৰীৰে সহায় কৰে একাংশ চৰকাৰী কৰ্মচাৰী, সমাজকৰ্মী তথা দল সংগঠনে।

নামনি অসমৰ অতি জনপ্ৰিয় বেচৰকাৰী সংগঠন গ্ৰাম্য বিকাশ মঞ্চই নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ দুখীয়া দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দিহজাৰী গাঁৱৰ প্ৰায় ৪০ টা পৰিয়ালক গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষণ ডেকা, সম্পাদক দিবাকৰ ডেকাৰ উদ্যোগত আজি দালি, আলু, পিয়াজ, তেল, চয়াবিন, বিস্কুট, আটা, বুট, নিমখ, চাৰ্ফ, চাবোন আৰু মাস্ক প্ৰদান কৰে।

সামগ্ৰী সমুহ বিতৰণ কৰে গ্ৰাম্য বিকাশ মঞ্চৰ মুখ্য উপদেষ্টা ডাঃ সুৰেন্দ্ৰ মজুমদাৰ মঞ্চৰ কাৰ্যনিৰ্বাহক সদস্যা উষা (বুলু ) মজুমদাৰৰ উপৰি ডাঃ ডিম্পী মজুমদাৰ লগতে গাঁও বুঢ়া নিলিমা মজুমদাৰ, আশা চুপাৰভাইচাৰ ধৰিত্ৰী ডেকা, হিতেশ বৰ্মা , শিক্ষক উদ্ধৱ মজুমদাৰ আদিয়ে।

আনহাতে নলবাৰী জিলা যক্ষা বিষয়াৰ কাৰ্যালয়ৰ ওচৰৰ ১০ টা অতি দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে গ্ৰাম্য বিকাশ মঞ্চই। মঞ্চৰ হৈ খাদ্য সামগ্ৰী সমুহ বিতৰণ কৰে নলবাৰী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচু, জ্যেষ্ঠ চিকিৎসক ডাঃ মধুৰাম বৈশ্য, ডাঃ কৈলাশ ডেকা আৰু জিলা যক্ষা বিষয়া ডাঃ সুৰেন্দ্ৰ মজুমদাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।