সন্ধানৰ উদ্যোগত বৰভাগত বিনামূলীয়া পাঠদান আৰম্ভ

 05/18/2020 - 18:44

বাহাৰঘাট: যোৱা ১৭ মে'ৰ পৰা বৰভাগৰ ছহিদ ভৱনত পূৱা দহ বজাত স্বেচ্ছাসেৱী সংস্থা 'সন্ধান'ৰ উদ্যোগত আৰু বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতি, ছহিদ ভৱন পৰিচালনা সমিতি আৰু প্ৰতাপ-পদুমী গ্ৰাম্য পুথিভঁৰালৰ সহযোগত সামাজিক দূৰত্ব বৰ্ত্তাই ৰাখি নৱম আৰু দশম শ্ৰেণীৰ পাঠদান কাৰ্য আৰম্ভ হয়। 

পাঠদান কাৰ্যত মুখ্য পৰিচালক বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি তথা সন্ধান স্বেচ্ছাসেৱী সংস্থাৰ উপদেষ্টা শিক্ষক কুলেশ চন্দ্ৰ ডেকাই আজি পাঠদান কাৰ্য সূচনা কৰে।জানিব পৰা গৈছে যে শীঘ্ৰে দ্বাদশ শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰা কৰিব৷ পাঠদান কাৰ্য আৰম্ভণি হোৱাৰ আগতে শুভেচ্ছা জ্ঞাপন কৰিবলৈ ছহিদ ভৱনত উপস্থিত হয় বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক জয়কৃষ্ণ গোস্বামী, বৰভাগ প্ৰেছ ক্লাবৰ সম্পাদক হিমজ্যোতি ভূঞা, সহকাৰী সম্পাদক পংকজ কলিতা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমৰজ্যোতি মহন্ত, শ্বহীদ ভৱন পৰিচালনা সমিতিৰ সভাপতি দিবাকৰ কলিতা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ধীৰাজ কলিতা, সন্ধানৰ সভাপতি সঞ্জয় কলিতা, সক্ৰিয় সদস্য জীয়াউল ৰহমান, পাৰবিন চুলতানা, ইৰছাদ আহমেদ আৰু প্ৰীতম লহকৰে। 

লকডাউনৰ সময়চোৱাত ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আগবঢ়াই নিবলৈ 'সন্ধান'ৰ লগতে অইন সহযোগী সংস্থাকেইটাই এই সেৱা আগবঢ়ায়। আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে সন্ধানৰ সাধাৰণ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।