দৰঙলৈ বহি:ৰাজ্যৰ পৰা ১৭৫ জনৰ আগমন

 05/19/2020 - 14:03

মঙলদৈ: ক'ৰণাৰ আতংকৰ ফলত ঘৰমুৱা হৈছে বহি:ৰাজ্যত কৰ্মৰত বিভিন্নজন লোক। সমান্তৰালভাৱে বহি:ৰাজ্যৰ পৰা দৈনিক দৰঙলৈও আগমন ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোমবাৰ পৰ্যন্ত জিলাখনলৈ আগমন ঘটে মুঠ ১৭৫ জন লোকৰ। প্ৰতিজন লোককে ১৪ দিনৰ বাবে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।

উল্লেখযোগ্য যে ৰবিবাৰ পৰ্যন্ত ১১১ জন লোকৰ বহি:ৰাজ্যৰ পৰা জিলাখনলৈ আগমন ঘটাৰ পিছত পুৱতিনিশা উপস্থিত হয় ৩১ জন লোক। এই ৩১ জন লোকৰ ভিতৰত ২৬ জনক খাৰুপেটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ হোষ্টেলত ৰখাৰ বিপৰীতে ৫ জনক মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে দিনৰ ভাগতেই উপস্থিত হোৱা ১১১ জন লোকৰ ভিতৰত ৬৫ জনক ধূলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাসত,  ৪৫ জনক মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত আৰু ১ জনক ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত আছুতীয়াকৈ ৰখা হৈছে।

ইতিপূৰ্বে বহি:ৰাজ্যৰ পৰা জিলাখনলৈ অহা ৩৩ জন লোকক জিলাখনৰ বিভিন্ন চিকিৎসালয়ত আছুতীয়াকৈ ৰখা হৈছে। ইফালে ৰবিবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৭১৩ টা শ্লেষৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰে ৬০৪ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু কোনোটো নমুনাতেই ক'ভিড-১৯ ৰ উপস্থিতি ধৰা পৰা নাই।

উল্লেখ্য যে বহি:ৰাজ্যৰ পৰা অহা প্ৰতিজন লোকৰে শ্লেষৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।