গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্টৰ উদ্যোগত বিনামূলীয়া কেৰিয়াৰ কৰ্মশালা

 05/19/2020 - 15:24

গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট (www.gatewayihm.com)’ৰ উদ্যোগত “Career Counselling Seminar in Hotel Management” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। অহা ২৩ মে’ত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই।

" হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজী”ৰ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পৰৱৰ্তী পয্যায়ত কেনেধৰনৰ সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰিব, উক্ত বিষয়ত ড° বুঢ়াগোহাঁয়ে এই কৰ্মশালাত বিতংকৈ আলোচনা আগবঢ়োৱাৰ লগতে অংশগ্রহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিব । কৰ্মশালাত অংশ গ্রহণৰ বাবে আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে ৯১২৭০৬১০০০, ৯১২৭০৬৪০০০, ৯৪৩৫১৮৮৬৩০ এই তিনিটা ফোন নম্বৰ অথবা ই-মেইল gihm.ghy@gmail.com ত যোগাযোগ কৰিব পাৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।