বঙাইগাঁৱৰ বইটামাৰীত মাইক্ৰ ফাইনেঞ্চ পুনৰ সক্ৰিয়: গ্ৰাহকক হাৰাশাস্তি

 05/19/2020 - 17:51

বঙাইগাঁও: লকডাউনে সাধাৰণ ৰাইজক জলাকলা খুওৱাৰ সময়তে গ্ৰাহকক মাধমাৰ দিছে একাংশ মাইক্ৰ ফাইনেঞ্চ কোম্পানীয়ে। এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ বইটামাৰীত। বইটামাৰীৰ সজনাভিটাত মংগলবাৰে আৰোহণ নামৰ এটা ফাইনেঞ্চ কোম্পানীৰ দুজন সদস্য উপস্থিত হৈ গ্ৰাহকৰ পৰা ঋণৰ কিস্তি বিচাৰে। এনে অৱস্থাত একাংশ গ্ৰাহকৰ মাজত লাগে হুৱাদুৱা।

অৱশ্যে পিছত ঘটনা সম্পৰ্কে জানিবলৈ সাংবাদিকৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় যদিও সাংবাদিক উপস্থিত হোৱাত ততাতৈয়াকৈ গাঁওখন ত্যাগ কৰে আৰোহণৰ কৰ্মচাৰী দুজনে৷

লক্ষণীয় যে জিলাখনৰ অভয়াপুৰীৰ কোন্টেইনমেণ্ট জ'নৰ পৰা যুৱক দুজন ঋণৰ কিস্তি উঠাব আহিছিল৷ কোন্টেইনমেন্ট জ'নৰ পৰা কেনেকৈ যুৱক দুজন ওলাই আহি আন ঠাইত প্ৰৱেশ কৰিলে সেয়া এতিয়া চৰ্চা লাভ কৰিছে অঞ্চলটোত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।