ধন দাবী কৰা এনআৰচি কৰ্মীক আটক

 05/03/2019 - 13:04

সৰুপথাৰ: গোলাঘাট জিলাৰ সৰুপথাৰত এনআৰচিৰ নামত সংঘটিত হৈছে ভয়ানক ঘটনা৷ দাবী আপাত্তিৰ শুনানীৰ সময়ত এনআৰচিৰ কেন্দ্ৰত চলিছে ধনৰ লেনদেন৷ বৃহস্পতিবাৰে বিয়লি ৪ মান বজাত সৰুপথাৰত আৰক্ষীয়ে আটক কৰিছে ধন দাবী কৰা চাৰি এনআৰচি কৰ্মীক৷

এনআৰচিৰ শুনানীৰ সময়ত ধন সংগ্ৰহ কৰাৰ অভিযোগত সৰুপথাৰৰ পদুমনিৰ এটা এনআৰচি কেন্দ্ৰৰ পৰা আটক চাৰিওজনকে৷ ধন সংগ্ৰহৰ সময়ত হাতে লুট কৰায়ত্ত কৰিছে অভিযুক্তসকলক৷

ধৃত কেইজন হ'ল শুভ্ৰজ্যোতি ৰাজবংশী, বিষ্ণু শইকীয়া, অনুপ ঠাকুৰ আৰু মৃদুল হাজৰিকা৷

সৰুপথাৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ধৃত এনআৰচি কৰ্মীকেইজনক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।