আজি মালয়বাৰীত কৃষি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

 05/19/2020 - 19:38

যোৰাবাটআজি মালয়বাৰীত কৃষি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কুইন ওজা, স্থানীয় বিধায়ক অতুল বৰা। কৃষিজীৱি ৰাইজৰ বুজ লোৱাৰ লগতে সকলোকে উৎসাহিত কৰি প্ৰেৰণা জগাই আৰু অনাগত সময়ত কৃষি খণ্ডক অধিক গুৰুত্ব দিয়াৰ কথা সদৰি কৰে।

"মালয়বাৰীৰ" কৃষি আৰু কৃষকক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে আৰু আগন্তুক দিনত খেতিয়কৰ কাৰণে চৰকাৰে যি বীজ প্ৰদান কৰে সেই বীজ আগতীয়াকৈ নবেম্বৰ মাহত দিয়াৰ কথা প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।