উত্তৰ গুৱাহাটীত পোৱা গ'ল প্ৰথমটো কৰ'ণা পজিটিভ: ৰাইজৰ মাজত আতংক

 05/20/2020 - 13:18

উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটী ধৰা পৰিল প্ৰথমটো কৰ'ণা পজিটিভ। উত্তৰ গুৱাহাটীৰ শিৱসাই ৰ'ড কোম্পানীৰ কৰ্মচাৰী জগদীশ প্ৰসাদ সিং। শাৰীৰিক অসুস্থতাৰ বাবে সিঙক পৰিয়ালৰ লোকে উন্নত চিকিৎসা বাবে বাংগালুৰু নাৰায়ণ হৃদয়ালয় চিকিৎসালয়লৈ গৈছিল। ইয়াৰ পূৰ্বে গুৱাহাটী থকা সিঙে বাংগালুৰুৰ পৰা ১৩ মে' বাছ যোগে গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰে।

পৰিয়ালৰ ৬ গৰাকী সদস্যসহ শনিবাৰ ১৬ মে' তাৰিখে নিশা ১১ বজাত প্ৰত্যাবৰ্তন কৰি দলঙৰ কাষত থকা কোম্পানীৰ কোৱাৰ্টাৰত আছিল। যোৱা নিশা টেষ্টত সিঙৰ ২৩ বছৰীয়া ছোৱালী পূজা সিঙৰ কৰ'ণা পজিটিভ পোৱা যায়। ইয়াৰ পিছতে স্বাস্থ্যকৰ্মী, আৰক্ষী আহি পূজা সিঙক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ যায়। কামৰূপ জিলা উপায়ুক্তৰ উপস্থিতত অঞ্চলটো ছীল কৰাৰ লগতে চৌহদত থকা পিতৃ মাতৃকে ধৰি ১৪ জনক হোম কোৱাৰেণ্টাইন কৰা হয়। এই আটাইৰে আজি শ্বাব টেষ্ট কৰা হব।

উল্লেখ্য যে বৃহত্তৰ উত্তৰ গুৱাহাটী আমিনগাঁও গৌৰীপুৰ অঞ্চলত এইটো প্ৰথম পজিটিভ পোৱা ঘটনা। উত্তৰ গুৱাহাটী ৰহধলা দলঙৰ কাষৰ শিৱসাই কোম্পনী বহু বছৰ বন্ধ হৈ থকাত ইয়াত বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক সমূহ পাৰ্কিঙ কৰা হয়। এই পাৰ্কিঙত কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা ব্যৱস্থা নথকা কৈ বহিঃৰাজ্যৰ ড্ৰাইভাৰ, শ্ৰমিক আহি থকাটোৱে অঞ্চলটোৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে। একেদৰে বৃহত্তৰ উত্তৰ গুৱাহাটী গৌৰীপুৰ জয়গুৰুৰ আৰু আমিনগাঁওত শ শ উদ্যোগ প্ৰতিষ্ঠানলৈ বহিঃৰাজ্যৰ পৰা প্ৰাকৃতিক গেছ আন দ্ৰব্য আহ যাহ হৈ আছে।

আনহাতে উত্তৰ গুৱাহাটী অঞ্চলত ৰাইজে যদি এতিয়াও কলেজ চ'ক, তিনিআলি চ'কত গাতে গা লগাই বজাৰ কৰে মাস্কবিহীন ভাৱে ঘূৰি ফুৰে তেতিয়া হয়তো উত্তৰ গুৱাহাটীত গণ সংক্ৰমণ হ'ব পাৰে বুলি সচেতন মহলে ভয়ংকৰ তথ্য সদৰী কৰিছে।

বৰ্তমান স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নৰেন্দ্ৰ সিঙ আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জীৱন গোস্বামীয়ে ঘটনাৰ বুজ লয় কন্টেইনমেন্ট এলেকাৰ সীমা নিৰ্ধাৰণ কৰিব বুলি জানিবলৈ দিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।